ভ্ৰমণৰ সময়ত বমি হোৱা বা বমি বমি লগা ৰোগক Motion Sickness Symptoms বুলিও কোৱা হয়।বিশেষজ্ঞই কোৱা মতে, ভয়ে ভয়ে ভ্ৰমণ কৰিলেও এনে ধৰণৰ সমস্যাই দেখা দিয়ে।
ভ্ৰমণৰ সময়ত বমি হোৱা বা বমি বমি লগা ৰোগক Motion Sickness Symptoms বুলিও কোৱা হয়।বিশেষজ্ঞই কোৱা মতে, ভয়ে ভয়ে ভ্ৰমণ কৰিলেও এনে ধৰণৰ সমস্যাই দেখা দিয়ে।
গাড়ীত উঠি দীঘলীয়া ভ্ৰমণ কৰিব বহুতে নোৱাৰে। ক'ৰবালৈ ফুৰিবলৈ যাওতে গাড়ীত প্ৰায়ে তেনেকুৱা এজনক লগ পোৱা যায়, যাৰ গাড়ীত উঠিলে বমি হয় বা শৰীৰ দুৰ্বল হৈ পৰে। ভ্ৰমণৰ সময়ত বমি হোৱা বা বমি বমি লগা ৰোগক Motion Sickness Symptoms বুলিও কোৱা হয়।বিশেষজ্ঞই কোৱা মতে, ভয়ে ভয়ে ভ্ৰমণ কৰিলেও এনে ধৰণৰ সমস্যাই দেখা দিয়ে।
সাধাৰণতে এনেধৰণৰ সমস্যাৰ পৰা ৰক্ষা পাবলৈ কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰিঃ
- এনেধৰণৰ সমস্যা থকিলে আপুনি লগত নেমু বা নেমুৰ পাত ৰাখিব পাৰে। আমি বমি বমি ভাব আহিলে নেমু খোৱাৰ লগতে নেমুৰ পাতৰ গোন্ধ ল'লে কিছু পৰিমাণে হ'লেও এই সমস্যাৰ পৰা হাত সাৰিব পাৰি। আনহাতে কটা নেমুত জালুক দি অলপ ক’লা নিমখ লগাই খালে বমি ভাব নাইকিয়া হয়।
- আদা ব্যৱহাৰ কৰিব লাগে। বমি বমি ভাব অহাৰ সময়ত আদা খাই দিলে এনে সমস্যাৰ পৰা মুক্ত হ'ব পৰাৰ সম্ভাৱনা থাকে।
- ভ্ৰমণৰ সময়ত তুলসী পাত চোবালে বমি হোৱাৰ সম্ভাৱনা বহু পৰিমাণে কমি যায়।
- বমিৰ পৰা হাত সাৰিবলৈ আপুনি লং খাব পাৰে।
- নেমু আৰু পদিনাৰ ৰস ক’লা নিমখ সৈতে খালেও বমি নহয়।
- সেইদৰে ভ্ৰমণৰ সময়ত বমি হোৱা লোকে কেতিয়াও খালী পেটত ভ্ৰমণ কৰিব নালাগে।
- ভ্ৰমণৰ সময়ত ধপাত জাতীয় খাদ্য, মছলা জাতীয় খাদ্য গ্ৰহণ কৰিব নালাগে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|