১ ডিচেম্বৰৰ পৰা কলৰ নিৰিখ বৃদ্ধি কৰিব ভোডাফোন আইডিয়াই, বাঢ়িব এয়াৰটেলৰো বিল

News18-Assam
Updated:November 18, 2019, 8:43 PM IST
১ ডিচেম্বৰৰ পৰা কলৰ নিৰিখ বৃদ্ধি কৰিব ভোডাফোন আইডিয়াই, বাঢ়িব এয়াৰটেলৰো বিল
ভডাফোন আইডিয়া আৰু এয়াৰটেলৰ গ্ৰাহক সকলৰ বাবে আছে এটা বেয়া খবৰ।

ভডাফোন আইডিয়া আৰু এয়াৰটেলৰ গ্ৰাহক সকলৰ বাবে আছে এটা বেয়া খবৰ।

  • Share this:
ভডাফোন আইডিয়া আৰু এয়াৰটেলৰ গ্ৰাহক সকলৰ বাবে আছে এটা বেয়া খবৰ।  ডিচেম্বৰৰ পৰা টেলিকম প্ৰতিষ্ঠানকেইটাই বৃদ্ধি কৰিব কলৰ নিৰিখ। উচ্চতম ন্যায়ালয়ে  adjusted gross revenue (AGR) ত দিয়া ৰায়ৰ ফলত প্ৰতিষ্ঠানটোৰ ৫০,৯২২ কোটি টকা লোকচান হোৱাৰ ফলতে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে ভডাফোন আইডিয়াই। ১ ডিচেম্বৰৰ পৰা প্ৰতিষ্ঠানটোৱে কল নিৰিখ বৃদ্ধিৰ সিদ্ধান্ত লৈছে।

টেলিকম প্ৰতিষ্ঠানটোৱে লগতে কয় যে, ভাৰতবৰ্ষত মবাইল ডাটা চাৰ্জ বিশ্বৰ ভিতৰতে সবাটোতকৈ কম, যদিও মোবাইল ডাটাৰ চাহিদা দ্ৰুত গতিত বাঢ়ি থাকে। ভাৰত বৰ্ষৰ টেলিকমে বিশ্বৰ ভিতৰতে কম ৰাজহ সংগ্ৰহ কৰে বুলিও উল্লেখ কৰে প্ৰতিষ্ঠানটোৱে। য’ত ভডাফোন আইডিয়াই প্ৰতিমাহে ১০৫ ডলাৰ ৰাজহ সংগ্ৰহ কৰে।

আনহাতে ভাৰতী এয়াৰটেলেও ডিচেম্বৰৰ পৰা কল নিৰিখ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।

 

আৰু চাওক পৰৱৰ্তী বাতৰি