IPL 2021 স্থগিত হোৱাৰ পিছতে ঘৰলৈ উভতিল বিৰাট কোহলি। পত্নী অনুষ্কাৰ সৈতে মিলি কৰিছে কি পৰিকল্পনা?

News18 Assam | News18-Assam
Updated:May 5, 2021, 12:02 PM IST
IPL 2021 স্থগিত হোৱাৰ পিছতে ঘৰলৈ উভতিল বিৰাট কোহলি। পত্নী অনুষ্কাৰ সৈতে মিলি কৰিছে কি পৰিকল্পনা?
ঘৰলৈ উভতি পত্নী অনুষ্কা শৰ্মাৰ সৈতে মিলি দেশৰ এই বিপদকালত দেশবাসীক কিদৰে সহায় কৰিব পাৰে তাৰ পৰিকল্পনা আৰম্ভ কৰিছে বিৰাট কোহলিয়ে।

ঘৰলৈ উভতি পত্নী অনুষ্কা শৰ্মাৰ সৈতে মিলি দেশৰ এই বিপদকালত দেশবাসীক কিদৰে সহায় কৰিব পাৰে তাৰ পৰিকল্পনা আৰম্ভ কৰিছে বিৰাট কোহলিয়ে।

  • Share this:
আইপিএল ২০২১(IPL 2021) কোৰোণা মহামাৰীৰৰ বাবে অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখাৰ পিছতে নিজ নিজ ঘৰলৈ উভতিছে খেলুৱৈসকল। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (Royal Challengers Bangalore)ৰ অধিনায়ক বিৰাট কোহলিও (Virat Kohli) উভতিছে মুম্বাইৰ ঘৰলৈ।

এতিয়া ঘৰলৈ উভতি পত্নী অনুষ্কা শৰ্মাৰ সৈতে মিলি দেশৰ এই বিপদকালত দেশবাসীক কিদৰে সহায় কৰিব পাৰে তাৰ পৰিকল্পনা আৰম্ভ কৰিছে বিৰাট কোহলিয়ে।

উল্লেখ্য যে দেশৰ এই দুৰ্দিনৰ বাবেই যোৱা ১ মে'ত নিজৰ জন্মদিন পালন কৰা নাছিল অনুষ্কা শৰ্মাই। ছচিয়েল মিডিয়াযোগে কেৱল অনুৰাগীক উদ্দশ্যি দিছিল ধন্যবাদসূচক বাৰ্তা। দেশৰ এই আপদকালত সকলোকে একগোট হৈ আগবাঢ়িবলৈ অনুৰাগীসকলক আহ্বান জনায়। অতি শীঘ্ৰে বিৰাট-অনুষ্কাই আগন্তুক পৰিকল্পনা ৰাজহুৱা কৰিব বুলিও মন্তব্য কৰে।

অৱশ্যে আইপিএলৰ বাবে ভাৰতত থকা বিদেশী খেলুৱৈসকলৰ স্বদেশগমনৰ প্ৰক্ৰিয়াও ইতিমধ্যে আৰম্ভ হৈছে। আইপিএলৰ বাবে অহা ৬০জনৰো অধিক বিদেশী খেলুৱৈ এতিয়াও ভাৰতত আছে।
Published by: Manjumoni Borah
First published: May 5, 2021, 12:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি