ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীক আটাইতকৈ ফিট খেলুৱৈ বুলি গণ্য কৰা হয়। বহু প্ৰাক্তন ক্ৰিকেটাৰেও কোহলীক তেওঁৰ ফিটনেছৰ বাবে প্ৰশংসা কৰিছে। বৰ্তমান ইংলেণ্ড ভ্ৰমণৰ বাবে প্ৰস্তুতি চলাইছে আৰু মুম্বাইত আছে কোহলী।
বিৰাট কোহলীয়ে শনিবাৰে ছচিয়েল মিডিয়াত প্ৰশ্ন–উত্তৰৰ এক ছেছন ৰাখিছিল। য’ত তেওঁ অনুৰাগীসকলক বহু প্ৰশ্নৰ উত্তৰ দিয়ে। নিজৰ ফিটনেছ, পৰিয়াল, ডায়েট প্লেনকে ধৰি অনুৰাগীৰ বহু প্ৰশ্নৰ উত্তৰ দিছিল খেলুৱৈগৰাকীয়ে।
কোহলীয়ে কয় যে ফিট হৈ থাকিবলৈ তেওঁ বেলেঞ্চড ডায়েট লয়। ইয়াৰ ভিতৰত শাক–পাচলি, ফল, দাইল আৰু কণী আছে। লগতে ড’ছা আৰু চাইনীজ খাদ্যও খায় কোহলীয়ে, কিন্তু সকলো নিৰ্দিষ্ট পৰিমাণত। তদুপৰি কোহলীয়ে কয় যে তেওঁ কফি, বাদাম আৰু প্ৰটিনযুক্ত খাদ্য খায়। দৈনিক ৱৰ্ক আউট কৰাৰ লগতে পত্নী অনুষ্কাৰ সৈতে টিভি শ্ব’ উপভোগ কৰে।
ছচিয়েল মিডিয়াত প্ৰশ্ন–উত্তৰ চেছনৰ কিয়দাংশ :
অনুৰাগী : আপুনি আপোনাৰ কোৱাৰেণ্টাইন ৰুটিন ক’ব নেকি?
কোহলী : দিনত এবাৰ ট্ৰেইনিং আৰু পৰিয়ালৰ সৈতে সময় কটোৱা। মোৰ ৰুটিন সাধাৰণ।
অনুৰাগী : ভামিকাৰ অৰ্থ কি? এতিয়া কেনে আছে? আমি চাব পাৰোনে?
কোহলী : ভামিকা মা দুৰ্গাৰ আন এটা নাম। আপুনি এতিয়া তাইক চাব নোৱাৰে। মই আৰু অনুষ্কাই সিদ্ধান্ত লৈছো যে যেতিয়ালৈ ভামিকাই ছচিয়েল মিডিয়া বুজি নাপাব, তেতিয়ালৈ আমি তাইক ছচিয়েল মিডিয়াত এক্সপ’জ নকৰো আৰু ফটোও নিদিওঁ। তাই নিজৰ সিদ্ধান্ত নিজেই ল’ব।
অনুৰাগী : আপুনি শেষবাৰ গুগলত কি চাৰ্ছ কৰিছিল?
কোহলী : ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ ট্ৰান্সফাৰ।
অনুৰাগী : ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ ভাৰতৰ কোনো খেলুৱৈ যিয়ে আটাইতকৈ বেছি ধেমেলীয়া, স্মাৰ্ট আৰু লাজকুৰীয়া?
কোহলী : ধেমেলিয়া য়ুজবেন্দ্ৰ চহল, স্মাৰ্ট এবি ডিভিলিয়াৰ্ছ, লাজকুৰীয়া কাইল জেমিছন।
অনুৰাগী : বেয়া সময়ত নিজকে কিদৰে প্ৰেৰিত কৰে?
কোহলী : ৰুটিন মতে কাম কৰক আৰু ইয়াক সদায় অনুসৰণ কৰক। পৰিনামৰ আশা নকৰিব।
অনুৰাগী : কেপ্টেইন কুলৰ সৈতে আপোনাৰ সম্পৰ্ক কেনে?
কোহলী : ভৰসা আৰু সন্মান।
অনুৰাগী : ভেকচিন লোৱাৰ পিছত কেনে অনুভৱ? জ্বৰ বা কোনো ছাইড এফেক্ট?
কোহলী : শৰীৰত বিষ হৈছিল আৰু সামান্য জ্বৰ আছিল। ইয়াতকৈ বেছি একো হোৱা নাছিল।
অনুৰাগী : আপোনাৰ সমালোচনা ভাল লাগে নে প্ৰশংসা?
কোহলী : গঠনমূলক সমালোচনা আৰু সঁচা প্ৰশংসা ভাল লাগে।
অনুৰাগী : ফ্ৰী টাইমত কি কৰে?
কোহলী : আৰাম কৰো আৰু অনুষ্কাৰ সৈতে টিভি শ্ব’ চাওঁ।
শেষত অনুষ্কায়ো প্ৰশ্ন–উত্তৰ ছেছনত ভাগ লয়। তেওঁ পোষ্ট কৰি বিৰাটক সোধে যে তুমি মোৰ হেডফোন ক’ত ৰাখিছা। ইয়াৰ উত্তৰত বিৰাটে উত্তৰ দি লিখে যে বিছনাৰ কাষৰ টেবুলত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|