সমগ্ৰ ভাৰতবাসীয়ে আজি ৭৫সংখ্যক স্বাধীনতা দিৱস পালন কৰিছে। এই সুযোগতে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি (Virat Kohli)য়ে লণ্ডনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। বিৰাটৰ লগত প্ৰশিক্ষক ৰবি শাস্ত্ৰী (Ravi Shastri)ৰ লগতে দলৰ ছাপোৰ্ট টীমৰ কেইবাজনো সদস্য আছিল। টীম ইণ্ডিয়া বৰ্তমান লণ্ডনত আছে আৰু ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট মেচ চলি আছে।
টীম ইণ্ডিয়াৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা দেওবাৰে ১৫ আগষ্ট উপলক্ষে এই ভিডিঅ'টো শ্বেয়াৰ কৰা হৈছে। বিৰাট কোহলিয়ে জাতীয় পতাকা উৰুওাৰ লগে লগে টীম ইণ্ডিয়াৰ আন সদস্যসকলে জাতীয় সংগীত গাইছিল।
এই ভিডিঅ'টো ছচিয়েল মিডিয়াত দিয়াৰ পিছতে কম সময়তে ৫ লাখৰো অধিক লোকে দৰ্শন কৰে। বহুতেই টীম ইণ্ডিয়াৰ এই কামক অতি প্ৰশংসা কৰিছে আৰু বিদেশত থকা টীম ইণ্ডিয়াক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।
ভাৰত-ইংলেণ্ডৰ মাজত ৫খন টেষ্ট মেটৰ শৃংখলা চলি আছে। প্ৰথম টেষ্টখন বেয়া বতৰ আৰু বৰষুণৰ বাবে ড্ৰ হৈছিল। দ্বিতীয়খন টেষ্ট লণ্ডনৰ বিখ্যাত লৰ্ডছত হৈ আছে।