কি এই কথা! মহিলাগৰাকীৰ কোনো ধাৰণা নাছিল যে ,তেওঁ গৰ্ভৱতী! এদিন মহিলাগৰাকীয়ে গা ধোৱাৰ সময়ত এটা সন্তান জন্ম দিছিল! মহিলাগৰাকীৰ মতে, তেওঁৰ শৰীৰত গৰ্ভধাৰণৰ কোনো লক্ষণ নাছিল! তেওঁৰ পেট বাঢ়ি অহা নাছিল। অৰ্থাৎ, কোনো বেবী বাম্প নাছিল! প্ৰসৱৰ এমাহ পূৰ্বে তেওঁ আন এটা শাৰীৰিক সমস্যাৰ বাবে বহুতো চিকিৎসা পৰীক্ষা কৰাইছিল, য'ত গৰ্ভৱতী বুলিও ধৰা পৰা নাছিল! কিন্তু আশ্চৰ্যজনকভাৱে, গা ধোৱাৰ সময়ত, হঠাতে মহিলাগৰাকীয়ে এটি সন্তান জন্ম দিয়ে।
অষ্ট্ৰেলিয়াৰ নিউ ৱেলছৰ বাসিন্দা ডিমিট্টিৰ জীৱনৰ এই 'অলৌকিক' কাহিনী শুনি নেটিজেনসকল আচৰিত হৈছে। ডিমিট্টিৰ দুটা সন্তান আছে। স্বামী জেচন আৰু দুটা সন্তানৰ সৈতে ডিমিট্টিৰ সুখী পৰিয়াল! ইয়াৰ পিছত পুনৰ আন এটা সন্তানৰ পৰিকল্পনা কৰা নাছিল। কৈছিল যে, তেওঁ গৰ্ভৱতী বুলি কোনো ধাৰণা নাছিল! মহিলাগৰাকীয়ে কয় যে,'এদিন মই গা ধুই আছিলো। হঠাতে, পেট বিষাবলৈ আৰম্ভ কৰে। আৰু এটি সন্তান মোৰ ভৰিৰ মাজত ওলমি থকা দেখিছিলো! স্বামী দৌৰি আহিল, আৰু চিকিৎসকক লগে লগে মাতি অনা হ'ল। মই বাথৰুমত মোৰ তৃতীয় সন্তানৰ জন্ম দিছিলো।