உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Horn Ok Please : ট্ৰাকৰ পিছফালে কিয় লিখা থাকে Horn Ok Please? আঁৰৰ কাৰণ অতি আকৰ্ষণীয়

    Horn Ok Please : ট্ৰাকৰ পিছফালে কিয় লিখা থাকে Horn Ok Please? আঁৰৰ কাৰণ অতি আকৰ্ষণীয়

    Horn OK Pleaseত OK কিয় লিখা হয়?

    Horn OK Pleaseত OK কিয় লিখা হয়?

    Horn Ok Please : ইংৰাজীত 'Horn Please' শব্দটোৱেই ট্ৰাকখনৰ পিছে পিছে আহি থকা বাহনক এই নিৰ্দেশ দিয়ে যে যদিহে আপুনি অভাৰটোক কৰিব বিচাৰে তেন্তে হৰ্ণ বজাওক। তেনেহ'লে মাজৰ OK শব্দটো কিয় লিখিলে?

    • Share this:
    যদি আপুনি কেতিয়াবা হআইৱেত চলা ট্ৰাকবোৰ লক্ষ্য কৰিছে তেন্তে নিশ্চয় ট্ৰাকবোৰত কৰা সুন্দৰ সুন্দৰ পেইণ্টিংবোৰো দেখিছে। বহু  ট্ৰাকত ধুনীয়া ধুনীয়া ছবি অঁকা থাকে। পিছে মনকৰিবলগীয়া যে বেছিভাগ ট্ৰাকতে পিছফালে 'Horn Ok Please' বুলি লিখা থাকে। প্ৰশ্ন হৈছে 'Horn Ok Please'ৰ অৰ্থ কি? অৱশ্যে কিছুমান অকল 'Horn Please' বুলি লিখা থাকে। আচলতে 'Horn Please' বুলি লিখিলেই হৈ যাব লাগিছিল। কিন্তু ট্ৰাকবোৰত 'Horn Please'ৰ মাজত Ok শব্দটো লিখা থাকে।   ইয়াৰ আঁৰৰ কাৰণ অতি চিত্তাকৰ্ষক।

    ইংৰাজীত 'Horn Please' শব্দটোৱেই ট্ৰাকখনৰ পিছে পিছে আহি থকা বাহনক এই নিৰ্দেশ দিয়ে যে যদিহে আপুনি অভাৰটোক কৰিব বিচাৰে তেন্তে হৰ্ণ বজাওক। তেনেহ'লে মাজৰ OK শব্দটো কিয় লিখিলে? আচলতে পঢ়াৰ সময়ত যদিও  'Horn Ok Please'বুলিয়েই পঢ়া যায় আচলতে OK শব্দটো পৃথক শব্দ। এই OKটো লিখাৰ আঁৰত আছে বহু কাহিনী। অৱশ্যে এই কাহিনীবোৰৰ কোনো সত্যতা নিৰূপণ কৰিব পৰা নাযায়।

    OKত লগোৱা আছিল বগা লাইট

    এটা তত্ব মতে পুৰণি দিনত প্ৰায়বোৰ পথ ছিংগল লেনৰ আছিল আৰু ট্ৰাকৰ পিছত অহা গাড়ীবোৰে বিপৰীত দিশৰ পৰা অহা গাড়ীসমূহ স্বাভাৱিকতে দেখা নাপাইছিল। ফলত ট্ৰাকখন অভাৰটেক কৰিবলৈ পিছফালে আহি থকা বাহনখনৰ বাবে যথেষ্ট অসুবিধাজনক হৈছিল। সেয়ে ট্ৰাকখনৰ মাজত OK লিখা হৈছিল আৰু ইয়াৰ Oটোত এটা বগা লািঠ লগাই দিয়া হৈছিল। যেতিয়াই পিছফালৰ পৰা কোনো বাহনে হৰ্ণ বজায় তেতিয়া যদি বিপৰীত দিশৰ পৰা কোনো বাহন আহি নাথাকে তেন্তে ট্ৰাকৰ ড্ৰাইভাৰজনে OKত থকা বগা লাইটটো জ্বলাই দিয়ে। ইয়াৰ ফলত পিছফালে আহি থকা বাহনখনৰ চালকে গম পাই যায় যে এতিয়া  অভাৰটেক কৰিব পৰা যায়।

    দ্বিতীয় বিশ্ব যুদ্ধৰ সৈতেও আছে জড়িত

    দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত ট্ৰাকবোৰত খৰচ কমাবলৈ ডিজেলৰ লগতে কেৰাচিন মিহলাই চলোৱা হৈছিল। কিন্তু ডিজেলৰ তুলনাত কেৰাচিন অধিক জ্বলনশীল কাৰণে ট্ৰাকৰ পিছফালে OK মানে On Kerosene লিখি দিয়া হৈছিল।  ইয়াৰ পৰা অন্য বাহন চালকে গম পাইছিল যে এইখন ট্ৰাক কেৰাচিনত চলে আৰু সেয়ে অভাৰটেক কৰোতে যিমানপাৰে আঁতৰেৰে কৰিছিল।

    হৰ্ণ অভাৰটেক প্লিজ

    আৰু এটা তত্বমতে OK লিখাৰ আঁৰত আছে Horn OTK Please কাহিনী। Horn OTK Pleaseৰ অৰ্থ হৈছে হৰ্ণ বজাইহে অভাৰটেক কৰিব, য'ত OTKৰ অৰ্থ হৈছে অভাৰটেক। কিন্তু দিন যোৱাৰ লগে লগে OTKটো চুটি হৈ OK হৈ পৰে।

    কিন্তু এই কাৰণবোৰৰ ভিতৰত কোনটো সত্য বা অসত্য সেইটো স্পষ্ট নহয় আৰু NEWS18এ ইয়াৰ সত্যতা নিশ্চিত নকৰে। এইবোৰৰ বেছভাগ কাহিনী ইণ্টাৰনেটট উপলব্ধ। যি নহওক কাহিনীবোৰ কিন্তু সঁচাকৈ ৰোমাঞ্চকৰ।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: