মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »Viral: ফটোত কি দেখিছে আপুনি? অলপ ভালকৈ চাওক, আপুনি ভৱাৰ দৰে নহয় ফটোখন!

Viral: ফটোত কি দেখিছে আপুনি? অলপ ভালকৈ চাওক, আপুনি ভৱাৰ দৰে নহয় ফটোখন!

বৰ্তমান এখন ফটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। শুভ্ৰ বৰফৰ মাজেৰে সন্মুখলৈ খোজকাঢ়ি গৈছে এজন লোক, সমগ্ৰ দেহ আৱৰা পোষাক, পিঠিত বেগ! সাধাৰণ দৃষ্টিত ফটোখন দেখিলে তেনে ভাৱেই হ’ব!

বৰ্তমান এখন ফটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। শুভ্ৰ বৰফৰ মাজেৰে সন্মুখলৈ খোজকাঢ়ি গৈছে এজন লোক, সমগ্ৰ দেহ আৱৰা পোষাক, পিঠিত বেগ! সাধাৰণ দৃষ্টিত ফটোখন দেখিলে তেনে ভাৱেই হ’ব!

  • Share this:
প্ৰতিদিনেই ছচিয়েল মিডিয়াত ভাইৰেল হয় কেতবোৰ ফটো চেলেঞ্জ নাইবা অপ্টিকেল ইলুজন, যিবোৰৰ সমাধান বিচাৰি পোৱাটো কেতিয়াবা হৈ পৰে অত্যন্ত কঠিন। কোনো লোকে যদি ১০ ছেকেণ্ডতে সমাধান বিচাৰি পাইছে, কোনোৱে আকৗে মূৰ ঘমাবলগীয়া হৈছে। এই চেলেঞ্জে ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক দিছে আমোদ তথা চিন্তাৰ খোৰাক।

লকডাউন আৰম্ভ হোৱাৰ পিছৰে পৰা ছছিয়েল মিডিয়াত চলিছে এক ট্ৰেণ্ড ‘ব্ৰেইনটিজাৰ’। এই ব্ৰেইনটিজাৰ খুবেই পছন্দ কৰে ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে। নিজেই সমাধান কৰি শ্বেয়াৰ কৰিছে আনৰ বাবে। চাওতে চাওতে ভাইৰেল হৈ পৰে সেই ব্ৰেইনটিজাৰ।

বৰ্তমান এখন ফটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। শুভ্ৰ বৰফৰ মাজেৰে সন্মুখলৈ খোজকাঢ়ি গৈছে এজন লোক, সমগ্ৰ দেহ আৱৰা পোষাক, পিঠিত বেগ! সাধাৰণ দৃষ্টিত ফটোখন দেখিলে তেনে ভাৱেই হ’ব!

কিন্তু ইমানো সহজ নহয়! ফটোখন ভালকৈ চাওক! এয়া মুঠেও মানুহৰ ছবি নহয়! এয়া আছলতে এটা কুকুৰহে, যিয়ে কেমেৰাৰ ফালে দৌৰি আহিছে। আৰু ইয়াতেই সৃষ্টি হৈছে অপ্টিকেল ইলুছন! ফটোত কুকুৰটোৰ নেজডাল মানুহৰ মূৰৰ দৰে লাগিছে, পিছফালৰ ঠেং দুখন যেন মানুহৰ হাত আৰু সন্মুখৰ ভৰি দুখন মানুহৰ ভৰিৰ দৰে দেখা গৈছে। জানিব পৰা মতে, ফটোখন আলাস্কাত তোলা! কুকুৰটো পুডল প্ৰজাতিৰ।

শেহতীয়া বাতৰি