Rail Ticket PNR Number Importance: টিকটত লিখা এই নম্বৰতেই যাত্ৰীৰ সকলো তথ্য থাকে। ট্ৰেইনৰ টিকটৰ এই বিশেষ নম্বৰৰ বিষয়ে জানি লওক।
Rail Ticket PNR Number Importance: টিকটত লিখা এই নম্বৰতেই যাত্ৰীৰ সকলো তথ্য থাকে। ট্ৰেইনৰ টিকটৰ এই বিশেষ নম্বৰৰ বিষয়ে জানি লওক।
বিশ্বৰ বৃহত্তম ৰে'ল নেটৱৰ্ক হ'ল ভাৰতীয় ৰে'ল। প্ৰতিদিনে বহু লাখ লোকে যাতায়ত কৰে ৰে'লেৰে। বহুলোকে নিজৰ যাত্ৰাৰ ২-৩ মাহ পূৰ্বেই নিশ্চিত আসনৰ বাবে টিকট বুক কৰি ৰাখে। পূৰ্বে ৰে'ল ষ্টেচনলৈ গৈ দীঘলীয়া লাইন পাতি টিকট কাটিবলগীয়া হৈছিল। বৰ্তমান ইণ্টাৰনেটৰ যুগত তেনেদৰে লাইন পতাৰ প্ৰয়োজন নাই। এতিয়া টিকট অনলাইৰ জৰিয়তেই কাটিব পৰা যায়। এতিয়া জানক টিকটত থকা ১০ সংখ্যাৰ এটা বিশেষ নম্বৰ। সেই নম্বৰতে থাকে যাত্ৰীৰ সকলো তথ্য।
১০ সংখ্যাৰ PNR নম্বৰ কিয় গুৰুত্বপূৰ্ণ?
টিকট বুক কৰাৰ পিছত আপোনাৰ আসনৰ আসনৰ অৱস্থা দেখা যায় PNR নম্বৰৰ সহায়ত। ১০ সংখ্যাৰ PNR নম্বৰ আপোনাৰ টিকটত লিখা থাকে। ইয়াৰ জৰিয়তে আপুনি চাব পাৰিব, আপোনাৰ চিট কনফাৰ্ম হৈছেনে নাই। RACত নে ৱেটিংত আছে টিকট! সকলো জানিব পাৰিব এই PNR নম্বৰ ব্যৱহাৰ কৰি।
যাত্ৰীৰ বিৱৰণ PNR নম্বৰতে লুকাই আছেঃ
- ট্ৰেইনৰ নাম।
- ট্ৰেই নম্বৰ।
- কোচ, আসনৰ সংখ্যা।
- ভ্ৰমণৰ তাৰিখ।
- বুকিং ষ্টেটাচ।
- বৰ্তমানৰ অৱস্থা।
- টিকটৰ ভাড়া।
- আপুনি ৰোন ক্লাচত ভ্ৰমণ কৰিছে।
- চাৰ্টৰ পৰিস্থিতি।
- বোৰ্ডিং ষ্টেচনৰ নাম।
- গন্তব্য।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|