
জয়পুৰৰ এজন ফুড ব্লগাৰ শ্বেয়াৰ কৰিছে এই ভিডিও। আজৱ কাণ্ড কেমেৰাত ৰেকৰ্ড কৰি ইনষ্টাগ্ৰামত এটি পোষ্ট কৰে ব্লগাৰজনে।
জয়পুৰৰ এজন ফুড ব্লগাৰ শ্বেয়াৰ কৰিছে এই ভিডিও। আজৱ কাণ্ড কেমেৰাত ৰেকৰ্ড কৰি ইনষ্টাগ্ৰামত এটি পোষ্ট কৰে ব্লগাৰজনে।
ভোজনপ্ৰিয়সকলৰ বাবে চিকেন ফ্ৰাই অত্যন্ত প্ৰিয়। ফুটপাথৰ ষ্ট্ৰীটফুডৰ পৰা গৰম গৰম চিকেন ফ্ৰাই খোৱা বহুতৰে অভ্যাস। বিয়লি ভাগৰ পৰা প্ৰায়ে ষ্ট্ৰীটফুডৰ দোকানৰ সমুখত গ্ৰাহকৰ ভিৰ দেখা যায়। সম্প্ৰতি এনে এখন পদপথৰ দোকানৰ ভিডিও ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। ব্যৱসায়ীৰ কাণ্ড দেখি হতবাক সকলো।
জয়পুৰৰ এজন ফুড ব্লগাৰ শ্বেয়াৰ কৰিছে এই ভিডিও। আজৱ কাণ্ড কেমেৰাত ৰেকৰ্ড কৰি ইনষ্টাগ্ৰামত এটি পোষ্ট কৰে ব্লগাৰজনে। আৰু তাৰ পিছতে ভিডিওটো হৈ পৰে ভাইৰেল। ইতিমধ্যে ২ মিলিয়ন ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে চাইছে ভিডিওটো।
ভাইৰেল হোৱা ভিডিওটোত দেখা গৈছে যে, বিক্ৰেতাজনে জয়পুৰত আলী চিকেন চেণ্টাৰ নামেৰে এখন ষ্টল চলায়। গৰম তেলত মুৰ্গীৰ মেৰিনেট কৰা চিকেন পিছ দি দিছে আৰু কোনো হেতা অবিহনে হাতেৰেই তেলৰ পৰা উঠাই আনি গ্ৰাহকক খাবলৈ দিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|