মুম্বাইঃ অভিনেতা সুশান্ত সিং ৰাজপুত গুচি যোৱাৰ পিছতে শোকস্তব্ধ সমগ্ৰ দেশ। সকলো হতভম্ব যে সুশান্ত সিং ৰাজপুতৰ দৰে সফল অভিনেতাই এই চৰম সিদ্ধান্ত কিয় ল’বলগীয়া হ’ল?
দেওবাৰৰ পৰাই সুশান্ত সিঙক লৈ নানা খবৰ, নানা ভিডিও ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। ইয়াৰ মাজত সকলোতকৈ অধিক ভাইৰেল হৈছে সুশান্ত সিং ৰাজপুত আৰু তেওঁৰ প্ৰাক্তন প্ৰেমিকা অংকিতাৰ প্ৰপ’জ ভিডিও। ২০ছেকেণ্ডৰ এই ভিডিওটো ধুমুহাৰ গতিৰে ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।
‘পৱিত্ৰ ৰিষ্টা’ চিৰিয়েলৰ জনপ্ৰিয় যুটী মানৱ–অৰ্চনা অৰ্থাৎ সুশান্ত আৰু অংকিতাই অংশ লৈছিল জান্স ৰিয়েলিটি শ্ব’ ‘ঝলক দিখলা যা’ত। সেই সময়ত দুয়োৰে প্ৰেম আছিল তুংগত। কেইবাবছৰৰ প্ৰেয়সী অংকিতাক বিচাৰকৰ আসনত থকা মাধুৰী দিক্ষীত, প্ৰিয়ংকা চোপ্ৰাৰ সন্মুখতে আঁঠু কাঢ়ি বহি প্ৰপ’জ কৰিছিল সুশান্তই। প্ৰেমিকৰ প্ৰস্তাৱত ৰঙা–চিঙা পৰিছিল অংকিতা।
চাওক সেই ভাইৰেল ভিডিও––
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|