শ্ৰীলংকাৰ গায়িকাৰ গীত 'মানিকে মাগে হিতে'ত নৃত্য কৰি ছচিয়েল মিডিয়া কঁপাইছে ইণ্ডিগোৰ এগৰাকী বিমানসেৱিকাই। তেওঁ যেন কেবিন ক্ৰুৰ বাবে এটা ট্ৰেণ্ড চেট কৰি দিছে। কাৰণ তাৰ পিছৰ পৰাই বহু বিমানসেৱিকাক দেখা গৈছে বিমানৰ ভিতৰতেই হওক বা বিমানবন্দৰতে হওক, বিভিন্ন ইনষ্টা ৰিল নিৰ্মাণ কৰি ছচিয়েল মিডিয়াত আপলোড কৰা।
এইবাৰ স্পাইচজেটৰ দুগৰাকী কেবিন ক্ৰ'ক দেখা গৈছে এৰোব্ৰিজতে নৃত্য কৰা। ভাইৰেল হোৱা এই ভিডিওত এগৰাকী বিমানসেৱিকা হ'ল উমা মিনাক্ষী, যিয়ে পূৰ্বেও বিভিন্ন ইনষ্টা ৰিল প্ৰস্তুত কৰি ইণ্টাৰনেটত জনপ্ৰিয়তা বুটলিছিল। এইবাৰ নৃত্য কৰিলে পঞ্জাৱী গীতত। এইবাৰ অকলেও নহয়, লগত আছে তেওঁৰ এগৰাকী সহকৰ্মী।
মিকা সিং আৰু জনিতা গান্ধীৰ পাঞ্জাৱী গিত 'না না' ত নৃত্য কৰি চমক দিছে দুই বিমানসেৱিকাই। নিজৰ অৱসৰৰ সময়ত ইনষ্টা ৰিল প্ৰস্তুত কৰিবলৈ পছন্দ কৰে বহুতেই। কাৰণ সেয়া ছচিয়েল মিডিয়াত আপলোড হ'লেই লাইক, কমেণ্টে ভৰি পৰে। ইনষ্টা ৰিলকলৈ বৰ্তমান তৰুণ প্ৰজন্মৰ আগ্ৰহ অতি বেছি। প্ৰত্যেকেই বিচাৰে, কোনো বিখ্যাত ডাইলগ বা গীতত নৃত্য কৰি ইনষ্টা ৰিল প্ৰস্তুত কৰি সেয়া ছচিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত আপলোড কৰিবলৈ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|