Photo Source- Rahul Rrd FB Account
'Rahul Rrd' নামৰ এজন যুৱকে শ্বেয়াৰ কৰিছে এই ভিডিওটো...
ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এক বিশেষ দৃশ্য। আৱেগিক দৃশ্যটোৱে সেমেকাই তুলিছে সকলোৰে চকু। সাধাৰণতে বিয়াৰ বিভিন্ন ক্লীপ প্ৰায়ে ছচিয়েল মিডিয়াত ভাইৰেল হোৱা দেখিবলৈ পোৱা যায়। কিন্তু কিছুমান দৃশ্যই দৃষ্টি আকৰ্ষণ কৰে সকলোৰে।
পিতৃ আৰু কন্যাৰ সম্পৰ্ক সঁচাকৈয়ে তুলনাবিহীন। জীয়ৰীৰ বিয়াত কন্যাদানৰ সময়ত পিতৃ আৰু কন্যাৰ এক আৱেগিক মুহূৰ্ত ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। 'Rahul Rrd' নামৰ এজন যুৱকে শ্বেয়াৰ কৰিছে এই ভিডিওটো।
বেকগ্ৰাউণ্ডত এটা বিয়ানামৰ জৰিয়তে শ্বেয়াৰ কৰা ভিডিওটো শ্বেয়াৰ কৰি যুৱকজনে লিখিছে- 'ফটোগ্ৰাফাৰ হিচাপে বিবাহ অনুষ্ঠান বোৰত ফটো তুলি থাকোতে কিছুমান দৃশ্যই মনটো সেমেকাই তোলে। সঁচাকৈ দেউতাকে বিদায় দিয়া সময়কণ বৰ কষ্টকৰ সকলোৰে বাবে....'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|