ভনীয়েকক জন্মদিনৰ উপহাৰ ভাতৃৰ! পিছে উপহাৰ দেখি আচৰিত সকলো, এয়া কি? চাওক VIDEO

News18 Assam | News18-Assam
Updated:January 3, 2020, 9:20 AM IST
ভনীয়েকক জন্মদিনৰ উপহাৰ ভাতৃৰ! পিছে উপহাৰ দেখি আচৰিত সকলো, এয়া কি? চাওক VIDEO
Photo : Facebook video grab

বিভিন্ন সময়ত বিভিন্নজনৰ জন্মদিনত দিয়া উপহাৰ আপুনি দেখিছে। কিন্তু এনেধৰণৰ উপহাৰ হয়তো আপুনি জীৱনত প্ৰথমবাৰৰ বাবে দেখিব।

  • Share this:
নিজৰ জন্মদিনত প্ৰতিগৰাকী ভগ্নীয়ে ভাতৃৰ পৰা আশা কৰে এটা সুন্দৰ উপহাৰ। বিভিন্ন সময়ত বিভিন্নজনৰ জন্মদিনত দিয়া উপহাৰ আপুনি দেখিছে। কিন্তু এনেধৰণৰ উপহাৰ হয়তো আপুনি জীৱনত প্ৰথমবাৰৰ বাবে দেখিব। জন্মদিনৰ দিনাই ভগ্নীলৈ ভাতৃয়ে আগবঢ়ালে উপহাৰৰ টোপোলা। ৰঙীন পেপাৰত মেৰিয়াই অনা উপহাৰ দেখি আনন্দিত ভগ্নী। বন্ধুবৰ্গৰ সন্মুখত ভাতৃৰ উপহাৰৰ বক্সটো খুলিবলৈ ল’লে ভগ্নীয়ে।

এখনৰ পিছত আনখন কাগজ খুলিছে, উপহাৰ নোলায়হে নোলায়। ডাঙৰ বাকচটো লাহে লাহে সৰু হৈ আহিল। এটা সময়ত ভাবিলে ভিতৰত একো নাই। কিন্তু নাই এয়া কেনেকৈ হ’ব? ভাতৃয়ে তেনে নকৰে। আকৌ খুলিবলৈ ল’লে কাগজ। প্ৰায় ৫ মিনিট সময় ভাতৃৰ উপহাৰৰ টোপোলাৰ কাগজ খুলিবলগীয়া হ’ল ভগ্নীয়ে। অৱশেষত ওলাল। ভাতৃৰ উপহাৰ। কিন্তু উপহাৰ দেখি আচৰিত সকলো। জন্মদিনৰ উপহাৰ হিচাপে কি দিলে ভাতৃয়ে? ভিডিঅ’টো চালে জানিব পাৰিব আপুনিও। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই ভিডিঅ’টো।

আৰু চাওক
পৰৱৰ্তী বাতৰি