ন–কইনাই কান্দি কান্দি ভিজাই পেলালে মেকআপ, দৰাই চকুলো মচি দিওঁতেই ওলাই পৰিল যুৱতীৰ আচল ৰং, ভিডিঅ’ ভাইৰেল

আপোন ঘৰখন এৰি যোৱাৰ দুখনত কান্দিছে কইনাই। কিন্তু চকুৰ পানীয়ে ধুৱাই পেলালে কইনাৰ মেকআপ।
আপোন ঘৰখন এৰি যোৱাৰ দুখনত কান্দিছে কইনাই। কিন্তু চকুৰ পানীয়ে ধুৱাই পেলালে কইনাৰ মেকআপ।
- News18 Assam
- Last Updated: March 9, 2021, 12:28 PM IST
প্ৰতিগৰাকী যুৱতীয়ে নিজকে সুন্দৰ কৰি তোলাৰ বাবে মেকআপ কৰে। কিন্তু একাংশ যুৱতীয়ে ইমানেই বেছি মেকআপ কৰে যে তাৰ ফলত নিজৰ ৰঙেই সলনি হৈ যায়।
সম্প্ৰতি ছচিয়েল মিডিয়াত ভাইৰেল এটা ভিডিঅ’। বিয়াৰ শেষত নতুন কইনাক লৈ ঘৰলৈ ৰাওনা হৈছে দৰা। আপোন ঘৰখন এৰি যোৱাৰ দুখনত কান্দিছে কইনাই। কিন্তু চকুৰ পানীয়ে ধুৱাই পেলালে কইনাৰ মেকআপ। পৰৱৰ্তী সময়ত ক্লান্ত হৈ ন–কইনা গাড়ীতে শুই পৰিছে।
সেই সময়তে স্বামীয়ে ৰুমালেৰে পত্নীৰ চকুপানী মচি দিয়াত সকলো মেকআপ লাহে লাহে উঠি যায়। এই ভিডিঅ’ ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত। অৱশ্যে এয়া কোনো আচল বিয়াৰ ভিডিঅ’ নহয়, ধেমালিৰ বাবেহে প্ৰস্তুত কৰা হৈছে বুলি প্ৰকাশ কৰা হৈছে।