বিয়াৰ পিছত দৰাক পিছফালে বহুৱাই নিজেই স্কুটী চলাই শহুৰৰ ঘৰলৈ ৰাওনা কইনা, ভিডিঅ’ ভাইৰেল

News18 Assam | News18-Assam
Updated:March 22, 2021, 3:53 PM IST
বিয়াৰ পিছত দৰাক পিছফালে বহুৱাই নিজেই স্কুটী চলাই শহুৰৰ ঘৰলৈ ৰাওনা কইনা, ভিডিঅ’ ভাইৰেল
সম্প্ৰতি ইণ্টাৰনেটত ভাইৰেল হৈছে এটা ভিডিঅ’। ভিডিঅ’টো বিয়াৰ পিছৰ দৰা–কইনাৰ।

সম্প্ৰতি ইণ্টাৰনেটত ভাইৰেল হৈছে এটা ভিডিঅ’। ভিডিঅ’টো বিয়াৰ পিছৰ দৰা–কইনাৰ।

  • Share this:
বৰ্তমানৰ ইণ্টাৰনেটৰ যুগত সমগ্ৰ পৃথিৱীখন হাতৰ মুঠিত। বৰ্তমান সময়ত খুব কম সংখ্যক মানুহেই ইণ্টাৰনেট ব্যৱহাৰ কৰে। সকলোৱে প্ৰায় ইণ্টাৰনেট জগতত মগ্ন হৈ থাকে।

ইণ্টাৰনেটত মাজে সময়ে কিছু মজাৰ ভিডিঅ’ বা প্ৰতিভাৰ ভিডিঅ’ বা কোনো হাস্যকৰ মিউজিক ভিডিঅ’ ভাইৰেল হৈ থাকে। তাৰ ভিতৰত কিছু কিছু ভিডিঅ’ বা ফটোৱে আমাক হতভম্ব কৰি তোলে।

সম্প্ৰতি ইণ্টাৰনেটত ভাইৰেল হৈছে এটা ভিডিঅ’। ভিডিঅ’টো বিয়াৰ পিছৰ দৰা–কইনাৰ। ভিডিঅ’ত দেখা গৈছে বিয়াৰ পিছত স্কুটী চলাই শহুৰেকৰ ঘৰলৈ গৈছে নকইনা। চালকৰ আসনত ন–কইনা, পিছফালে বহিছে দৰা।


এই ঘটনা শিলিগুৰিৰ। নকইনা সুদেষ্ণাই স্কুটীৰে দৰাক পিছফালে বহুৱাই শিলিগুৰিৰ পৰা বাগডোগৰাৰ শহুৰেকৰ ঘৰলৈ ৰাওনা হয়। সেই ভিডিঅ’ ছচিয়েল মিডিয়াত আপলোড কৰে সুদেষ্ণাৰ পিতৃ সৌতিক বসুৱে। ছচিয়েল মিডিয়াত আপলোড হোৱাৰ পিছতে ভাইৰেল হৈ পৰে এই ভিডিঅ’।
Published by: Sanjay Kumar Das
First published: March 12, 2021, 10:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি