ভিডিওত দেখা পোৱা কণমানিজনীয়ে ভিডিওটোত বাৰে বাৰে কৈছে- 'দেউতাৰ কেৱল দিনটো কাম আৰু কাম। গোটেই দিন নাখাই খালী পেটে থাকে। দেউতাৰ বাবে আমাৰ খুব চিন্তা হৈছে।'
ভিডিওত দেখা পোৱা কণমানিজনীয়ে ভিডিওটোত বাৰে বাৰে কৈছে- 'দেউতাৰ কেৱল দিনটো কাম আৰু কাম। গোটেই দিন নাখাই খালী পেটে থাকে। দেউতাৰ বাবে আমাৰ খুব চিন্তা হৈছে।'
অধিকাংশ বে-চৰকাৰী অফিচৰ কৰ্মচাৰীৰ কামৰ কোনো শেষ নাই। বৰঞ্চ দিনৰ পিছত দিন বাঢ়ি গৈহে আছে। কোৰোণা কালত ৱৰ্ক ফ্ৰম হোম কৰিও শান্তি নাই। কাৰণ অফিচলৈ গ'লে তাত ছুটি বুলি এটা কথা থাকে। কিন্তু ৱৰ্ক ফ্ৰম হোমত কামৰ কোনো নিৰ্দিষ্ট সময় নাই। ৱৰ্কিং আৱাৰ্ছ থাকিলও কাম শেষ নহ'লে লেপটপ বন্ধ কৰাৰ অৱকাশ নাই। সম্প্ৰতি এটা ভাইৰেল ভিডিওত এগৰাকী কণমানি ছোৱালীয়ে কন্দা দেখিবলৈ পোৱা হৈছে। কান্দি কান্দি কণমানিজনীয়ে কৈছে- 'দেউতাই একো নোখোৱাকৈ ঘণ্টাৰ পিছত ঘণ্টা কাম কৰি আছে।'
ভিডিওত দেখা পোৱা কণমানিজনীয়ে ভিডিওটোত বাৰে বাৰে কৈছে- 'দেউতাৰ কেৱল দিনটো কাম আৰু কাম। গোটেই দিন নাখাই খালী পেটে থাকে। দেউতাৰ বাবে আমাৰ খুব চিন্তা হৈছে।'
শিশুটিয়ে কান্দি থকা দেখি দেউতাকে বুজাইছে যে, 'দেউতাই খাই বৈয়ে কাম কৰিছে। সন্ধিয়াও খাইছে। খালীপেটতত থকা নাই। গতিকে তুমি ইমান চিন্তা নকৰিবা।' কিন্তু কোনে কাৰ কথা শুনিব। কণমানিজনীৰ মুখত এটাই কথা- 'দেউতাই দিনৰ পিছত দিন নোখোৱাকৈ থাকি কাম কৰি আছে।'
আনকি মাকক শিশুটিয়ে কৈছে- "মানুহে খায়, নহয় নেকি, মা?" দোকানৰ মানুহবোৰো মানুহ।'' তেওঁলোকে যদি খাব পাৰে তেনেহ'লে আমাৰ দেউতাই কিয় নোৱাৰিব।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|