• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Video : ম'হৰ জাক দেখি ভয়ত পলাল অৰণ্যৰ ৰজা, নিজৰ প্ৰাণ বচাবলৈ গছৰ ওপৰত উঠিছিল!

Video : ম'হৰ জাক দেখি ভয়ত পলাল অৰণ্যৰ ৰজা, নিজৰ প্ৰাণ বচাবলৈ গছৰ ওপৰত উঠিছিল!

বৃহৎ সংখ্যক ম'হ দেখি সিংহটোৱে ভয় খাইছিল আৰু গছত উঠি যোৱাৰ পাছতো ই বহুত হতবাক যেন লাগিছিল।

বৃহৎ সংখ্যক ম'হ দেখি সিংহটোৱে ভয় খাইছিল আৰু গছত উঠি যোৱাৰ পাছতো ই বহুত হতবাক যেন লাগিছিল।

বৃহৎ সংখ্যক ম'হ দেখি সিংহটোৱে ভয় খাইছিল আৰু গছত উঠি যোৱাৰ পাছতো ই বহুত হতবাক যেন লাগিছিল।

  • Share this:
সিংহক বনৰ ৰজা বুলি কোৱা হয়, কিন্তু যদি কোনো জন্তু  ইয়াৰ সন্মুখত দৃঢ়তাৰে মুখামুখী হয়, বনৰজাৰ আঁঠু ল'বলৈ বেছি সময় নালাগে (Afraid Lion Climbs On Tree) । সাধাৰণতে আপুনি জংঘলৰ ৰজা সিংহৰ ভয়ংকৰ চেহেৰাহে দেখিছে, কিন্তু ইণ্টাৰনেটত ভাইৰেল (Wildlife Video)হৈ পৰা এটা ভিডিঅ' (Lion Afraid of buffalo herd) )ত, এই সিংহটোৱে ইমান ভয় খাইছে যে আপুনি নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰিব।

নিজৰ শক্তি আৰু হিংসুক স্বভাৱৰ বাবে বিখ্যাত সিংহক আপুনি এতিয়ালৈকে জন্তুবোৰক ভয় খুউৱাহে দেখিছে, কিন্তু এইবাৰ এটা সিংহৰ লগত যি ঘটনা ঘটিল সেয়া দেখিলে আচৰিত নহৈ নোৱাৰিব। সিংহটোৱে  আন কোনো জন্তুক আক্ৰমণ কৰা নাই বা কোনো ধৰণৰ হুলস্থুলৰো সৃষ্টি কৰা নাই, বৰঞ্চ সি নিজৰ জীৱন বচাবলৈ নেজ পেলাই তৰানৰা চিঙি গছত উঠিবলৈ ধৰিছে।

ম'হৰ জাকলৈ ভয় কৰিছে বনৰজাই

ভাইৰেল হৈপৰা এই ভিডিঅ'টোত, ম'হৰ এটা জাক সিংহটোৰ ওচৰলৈ অহা দেখা গৈছে। ইমান ডাঙৰ ম'হজাকক দেখি বনৰজাৰ অৱস্থা কাহিল হৈ পৰিছে আৰু সি ভয়তে গছজোপালৈ উঠি গৈছে। ভিডিঅ'টো wild_animal_shorts_নামৰ একাউণ্টৰ পৰা ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা হৈছে। কেপছনত লিখা আছে - "ম'হজাকৰ পৰা বাচিবলৈ সিংহ গছত উঠি গ'ল।" ভিডিঅ'টোৱে বহুলোককে আচৰিত কৰি তুলিছে, সেয়েহে বহুলোকে ইয়াক 'একতাৰ শক্তি' বুলি অভিহিত কৰিছে।



ভয়াতুৰ সিংহটো দেখি বহুলোকে কমেণ্ট কৰিছে-

বৃহৎ সংখ্যক ম'হ দেখি সিংহটোৱে ভয় খাইছিল আৰু গছত উঠি যোৱাৰ পাছতো ই বহুত হতবাক যেন লাগিছিল। কিছুমান লোকে সিংহৰ প্ৰতি সহানুভূতি শীল আৰু কিছুমানে তেওঁক সাহস কৰিবলৈ শিকাইআছে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি