মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Viral Video: ৰাণু মণ্ডলৰ গীতৰ সৈতে ৰাউচি জুৰিলে কুকুৰে! ভাইৰেল হ’ল ভিডিও

Viral Video: ৰাণু মণ্ডলৰ গীতৰ সৈতে ৰাউচি জুৰিলে কুকুৰে! ভাইৰেল হ’ল ভিডিও

News18 Assam | News18-Assam
Updated:January 21, 2020, 6:24 PM IST
Viral Video: ৰাণু মণ্ডলৰ গীতৰ সৈতে ৰাউচি জুৰিলে কুকুৰে! ভাইৰেল হ’ল ভিডিও
ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিওটো চালেনে?

ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিওটো চালেনে?

  • Share this:
আকৌ এবাৰ বলিউডৰ গায়িকা ৰাণু মণ্ডলৰ গীত ছচিয়েল মিডিয়াত চৰ্চাত। এইবাৰ ৰাণুৰ কণ্ঠ নহয়! এটা কুকুৰৰ কাণ্ডক লৈ ছচিয়েল মিডিয়াত হাঁহিৰ থুনপাক। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰি এই ভিডিওত এটা কুকুৰে ৰাণুৰ গীতৰ সুৰত ৰাউচি জোৰা দেখা গৈছে।

হেপ্পী, হাৰ্ডি এণ্ড হীৰৰ ৰাণুৱে কণ্ঠদান কৰা গীতটি খুব ভাইৰেল হৈছিল। এই জনপ্ৰিয় গীতৰ সুৰতে কুকুৰটোৱে ৰাউচি জুৰিলে। ফেচবুকত ভাইৰেল হোৱা এই ভিডিওত এজন ব্যক্তিয়ে হাৰমনিয়াম বজাই ৰেৱাজ কৰিছে ৰাণুৰ গীতত আৰু কুকুৰটোৱে ওচৰতে ৰৈ পুনৰাবৃত্তি কৰিছে নোটৰ। এই কাৰণতে ভিডিওটো নিমিষতে ভাইৰেল হয়।

ভিডিওটোৰ কমেণ্ট চেকশ্যনত মানুহে যথেষ্ট হাঁহি উঠা কমেণ্টো কৰিছে। উল্লেখ্য যে, ৰাণু মণ্ডলৰ কণ্ঠত চিনেমাখনৰ ট্ৰেইলাৰ ৰিলিজ হোৱাৰ লগে লগে ইউটিউবত ট্ৰেণ্ড কৰিছিল। ছবিখনে অহা ৩০জানুৱাৰীত মুক্তি লাভ কৰিব।
Published by: Tulika Devi
First published: January 21, 2020, 6:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি