পত্নীৰ ওপৰত মহেন্দ্ৰ সিং ধোনীৰ অভিযোগ, ক’লে – নিজৰ লাভৰ বাবে সাক্ষীয়ে কৰে এই কাম, চাওক Video

News18 Assam | News18-Assam
Updated:January 31, 2020, 1:55 PM IST
পত্নীৰ ওপৰত মহেন্দ্ৰ সিং ধোনীৰ অভিযোগ, ক’লে – নিজৰ লাভৰ বাবে সাক্ষীয়ে কৰে এই কাম, চাওক Video
প্ৰায়ে ধোনীৰ ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰে সাক্ষীয়ে।

প্ৰায়ে ধোনীৰ ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰে সাক্ষীয়ে।

  • Share this:
বৰ্তমান পৰিয়ালৰ সৈতে মধ্য প্ৰদেশৰ কানহা পাৰ্কত ফুৰিবলৈ গৈছে মহেন্দ্ৰ সিং ধোনী। ধোনীৰ পত্নী সাক্ষী ধোনী ছচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা দেখা যায়। প্ৰায়ে ধোনীৰ ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰে সাক্ষীয়ে। শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে সাক্ষীয়ে শ্বেয়াৰ কৰা এটা ভিডিঅ’। যিটো ভিডিঅ’ত মহেন্দ্ৰ সিং ধোনীয়ে সাক্ষীৰ বিৰুদ্ধে উত্থাপন কৰিছে এক অভিযোগ।

ভিডিঅ’টোত মহেন্দ্ৰ সিং ধোনীয়ে কোৱা দেখা গৈছে যে সাক্ষীয়ে নিজৰ ইনষ্টাগ্ৰাম ফলোৱাৰ বঢ়োৱাৰ বাবে জানিবুজি তেওঁৰ ভিডিঅ’ বনাই শ্বেয়াৰ কৰে। ধোনীৰ অভিযোগৰ উত্তৰত সাক্ষীয়ে কয়, ‘‘মই এইবোৰ এইবাবেই কৰো যাতে আপোনাৰ ফলোৱাৰেও মোক মৰম কৰে। ময়ো আপোনাৰেই অংশ। এনেও মোৰ ছচিয়েল মিডিয়া একাউণ্টত সকলোৱে প্ৰশ্ন কৰে যে ধোনী ক’ত আছে, থালা ক’ত আছে।’’

চাওক ভিডিঅ’ : 



আৰু চাওক
পৰৱৰ্তী বাতৰি