পিছফালে নহয়, বাইকখনৰ সন্মুখত যুৱকজনে তেওঁৰ প্ৰেমিকাক বলীউডৰ নায়কসকলৰ দৰে লৈ গৈ আছিল৷
পিছফালে নহয়, বাইকখনৰ সন্মুখত যুৱকজনে তেওঁৰ প্ৰেমিকাক বলীউডৰ নায়কসকলৰ দৰে লৈ গৈ আছিল৷
বাইক চলাই গৈ আছিল এজন যুৱক ৷ লগত এগৰাকী যুৱতী। প্ৰেমিকে তেওঁৰ প্ৰেমিকাক ধানখেতিৰ মাজেৰে বাইকত লৈ গৈ আছিল৷ কিন্তু পিছফালে নহয়, বাইকখনৰ সন্মুখত যুৱকজনে তেওঁৰ প্ৰেমিকাক বলীউডৰ নায়কসকলৰ দৰে লৈ গৈ আছিল৷
তেওঁলোকৰ 'ষ্টান্টবাজি' কিছু সময় ধৰি চলি আছিল৷ ভিডিঅ'টোত দেখা গৈছে যে যুৱতীগৰাকীয়ে বাইকত প্ৰেমিকৰ কোলাত বহি গৈ আছিল৷ তেওঁলোকৰ এই কাৰ্য গাঁওখনৰ কিছুমান লোকৰ পছন্দ হোৱা নাছিল৷ । সকলোৱে কৈছিল, "কি অশ্লীল কাৰ্য! বাইকখনৰ পিছফালে বহাই প্ৰেমিকাক লৈ যাওঁক, আপুনি আপোনাৰ কোলাত কিয় বহাই নিছে।
গাওঁবাসীয়ে তেওঁলোক দুয়োকে ধৰিছিল৷ দুয়োকে বহুতো অপমানো কৰা হৈছিল৷ লগতে ভৱিষ্যতে তেওঁলোকে পুনৰ তেনে কাম নকৰিবলৈ সকীয়াই দিছিল৷ ঘটনাটো বিহাৰৰ গয়াৰ এখন গাঁৱত সংঘটিত হৈছে৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|