• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Viral Video : শত্ৰুৰ গুলীলৈ ভয় নাই, কিন্তু সাধাৰণ বেজী এটা ল’বলৈ গৈ ভয়ত গগনফলা চিঞৰ দিলে এজন জোৱানে, চাওক ভিডিঅ’

Viral Video : শত্ৰুৰ গুলীলৈ ভয় নাই, কিন্তু সাধাৰণ বেজী এটা ল’বলৈ গৈ ভয়ত গগনফলা চিঞৰ দিলে এজন জোৱানে, চাওক ভিডিঅ’

বেজীৰ ভয়ত পেটতে হাত–ভৰি লুকুৱা জোৱানজনক সতীৰ্থসকলে জোৰ কৰি আনিছে ভেকচিন দিয়াবলৈ।

বেজীৰ ভয়ত পেটতে হাত–ভৰি লুকুৱা জোৱানজনক সতীৰ্থসকলে জোৰ কৰি আনিছে ভেকচিন দিয়াবলৈ।

বেজীৰ ভয়ত পেটতে হাত–ভৰি লুকুৱা জোৱানজনক সতীৰ্থসকলে জোৰ কৰি আনিছে ভেকচিন দিয়াবলৈ।

  • Share this:
শত্ৰুৰ গুলীলৈ ভয় নাই, কিন্তু সাধাৰণ বেজী এটা ল’বলৈ গৈ ভয়ত টেটু ফালিলে এজন জোৱানে। এই ভিডিঅ’ বৰ্তমান ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। কোভিড ভেকচিন ল’বলৈ গৈ বেজীৰ ভয়ত গগনফলা চিঞৰ দিলে জোৱানজনে।

চৰকাৰে কোভিড যোদ্ধাসকলৰ লগতে সেনা জোৱানসকলকো কোভিড ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে দেশৰ বিভিন্ন স্থানত প্ৰতিৰক্ষা বাহিনীৰ জোৱানসকলক ভেকচিন প্ৰদান কৰা হৈছে।

শেহতীয়াকৈ ভাইৰেল হোৱা ভিডিঅ’টোত ভেকচিন ল’বলৈ অনা হৈছে এজন জোৱানক। বেজীৰ ভয়ত পেটতে হাত–ভৰি লুকুৱা জোৱানজনক সতীৰ্থসকলে জোৰ কৰি আনিছে ভেকচিন দিয়াবলৈ। কিন্তু বেজী দিয়াৰ পূৰ্বেই চিঞৰত টেটু ফালিলে জোৱানজনে। চকীৰ পৰা গৈ মাটিতে বহি পৰিল ভয়ত।

জোৱানজনে চিঞৰিলে – গুলীলৈ ভয় নকৰো, বেজীলৈ ভয় লাগে। বহু সময় টনা–আঁজোৰাৰ অন্তত জোৱানক ভেকচিন দিবলৈ সক্ষম হ’ল।


জোৱানজনৰ এই ভিডিঅ’ বৰ্তমান ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। অৱশ্যে ভিডিঅ’টো কোন স্থানৰ সেয়া স্পষ্টকৈ জানিব পৰা হোৱা নাই।
Published by:Sanjay Kumar Das
First published: