உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • দৰাৰ মুখত গুটখা! খঙত অগ্নিশৰ্মা হৈ কইনাই কৰিলে এই কাণ্ড! ভাইৰেল হ'ল ভিডিও

    দৰাৰ মুখত গুটখা! খঙত অগ্নিশৰ্মা হৈ কইনাই কৰিলে এই কাণ্ড! ভাইৰেল হ'ল ভিডিও

    এইবাৰ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এগৰাকী গুটখা খোৱা দৰাৰ ভিডিও। দৰাই গুটখা খোৱাৰ বাবে কইনাই যি কাণ্ড কৰিলে আপুনি জানিলে আচৰিত হ'ব

    এইবাৰ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এগৰাকী গুটখা খোৱা দৰাৰ ভিডিও। দৰাই গুটখা খোৱাৰ বাবে কইনাই যি কাণ্ড কৰিলে আপুনি জানিলে আচৰিত হ'ব

    এইবাৰ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এগৰাকী গুটখা খোৱা দৰাৰ ভিডিও। দৰাই গুটখা খোৱাৰ বাবে কইনাই যি কাণ্ড কৰিলে আপুনি জানিলে আচৰিত হ'ব

    • Share this:
    ছচিয়েল মিডিয়াত প্ৰায় প্ৰতিদিনেই বিভিন্ন ব্যতিক্ৰমী খবৰ বাতৰি ভাইৰেল হৈ থকা দেখিবলৈ পোৱা যায়। বিবাহৰ বিভিন্ন ভিডিওকলৈ ছচিয়েল মিডিয়াত অত্যন্ত ব্যস্ত হৈ পৰে নেটিজেন। শ্বেয়াৰ হয় বিয়াঘৰৰ বহু আকৰ্ষণীয় ভিডিও।

    এইবাৰ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এগৰাকী গুটখা খোৱা দৰাৰ ভিডিও। দৰাই গুটখা খোৱাৰ বাবে কইনাই যি কাণ্ড কৰিলে আপুনি জানিলে আচৰিত হ'ব। ভিডিঅ'টো শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ'টো প্ৰায় ৭ মাহ পূৰ্বে ইনষ্টাগ্ৰামত আপলোড কৰা হৈছিল। ভিডিঅ'টো দেখি সকলো আচৰিত হৈছে।




    ভিডিঅ'টোত দেখুওৱা হৈছে বিবাহৰ মাংগলিক কাৰ্যসূচী। আছে বহু অতিথি। কিন্তু সেইসময়তে দৰাজনে গুটখা চোবাই চোবাই কইনাৰ ওচৰলৈ আহিছে। দৰাৰ এনে ৰূপ দেখি খঙত অগ্নিশৰ্মা হৈ পৰে কইনা। আৰু চিঞৰি চিঞৰি দৰাক ক'লে, 'এতিয়াই গুটখা পেলাই মুখ ধুই আহক। অন্যথা মই বিয়া মই নহও। কইনাৰ কথা শুনি আচৰিত হৈ পৰে দৰা।

    আৰু কইনাৰ গালি শুনি আমন্ত্ৰিত অতিথি বহা ঠাইলৈ দলিয়াই দিয়ে গুটখা। দৰাৰ এনে কাণ্ড দেখি বিয়াঘৰত হুলস্থুল লাগে।

    অৱশ্যে পৰিয়ালৰ আন দুই এজনৰ প্ৰচেষ্টাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। দৰাই মুখ ধুই অহাৰ পিছত কইনাও বিয়াত বহিবলৈ ৰাজি হয়।
    Published by:Himangshu Bhuyan
    First published: