• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • প্ৰেংক ভিডিঅ’ আপুনি নিশ্চয় দেখিছে, কিন্তু হাতীয়ে মানুহৰ সৈতে প্ৰেংক কৰা দেখিছেনে? চাওক ইণ্টাৰনেটত চাঞ্চল্যৰ সৃষ্টি কৰা এই ভিডিঅ’

প্ৰেংক ভিডিঅ’ আপুনি নিশ্চয় দেখিছে, কিন্তু হাতীয়ে মানুহৰ সৈতে প্ৰেংক কৰা দেখিছেনে? চাওক ইণ্টাৰনেটত চাঞ্চল্যৰ সৃষ্টি কৰা এই ভিডিঅ’

হাতীটোৱে শুৰডাল আগবঢ়াই আনি মহিলাগৰাকীৰ মূৰৰ পৰা টুপিতো চুৰ কৰি নিয়ে আৰু লুকুৱাই থয়।

হাতীটোৱে শুৰডাল আগবঢ়াই আনি মহিলাগৰাকীৰ মূৰৰ পৰা টুপিতো চুৰ কৰি নিয়ে আৰু লুকুৱাই থয়।

হাতীটোৱে শুৰডাল আগবঢ়াই আনি মহিলাগৰাকীৰ মূৰৰ পৰা টুপিতো চুৰ কৰি নিয়ে আৰু লুকুৱাই থয়।

  • Share this:
ব্যস্ততাপূৰ্ণ জীৱনত অৱসাদ দূৰ কৰিবলৈ অকণমান ধেমালিৰ অতিকৈ প্ৰয়োজন। ধেমালিৰ এক অংশ হিচাপে আমি কেতিয়াবা ‘প্ৰেংক’ৰ সন্মুখীন হওঁ। তেনেধৰণৰ প্ৰেংক ভিডিঅ’ এটাই এতিয়া যথেষ্ট চৰ্চা লাভ কৰিছে ইণ্টাৰনেটত। হাতী এটাৰ লগত ফটো উঠিব চেষ্টা কৰাত হাতীটোৱে মহিলাগৰাকীৰ সৈতে কৰা ধেমালিৰ ভিডিঅ’ এটা বৰ্তমান ভাইৰেল হৈ পৰিছে ইণ্টাৰনেটত। এই ভিডিঅ’ ক্লিপটোত হাতীটোৱে প্ৰথমে মহিলাগৰাকীয়ে পিন্ধা টুপীটো চুৰি কৰে আৰু তাৰ কেইটামান মুহূৰ্ত পিছত পুনৰ ওভতাই দিয়ে। এই আমোদজনক ভিডিঅ’টোৱে সকলোকে আনন্দিত কৰিছে।

আমেৰিকান বাস্কেটবল খেলুৱৈ ৰেক্স চেপমেনে জনপ্ৰিয় মাইক্ৰ’ব্লগিং চাইট টুইটাৰত এই ভিডিঅ’টো শ্বেয়াৰ কৰিছিল। তেওঁ লিখিছিল “এটা হাতীয়ে এগৰাকী মহিলাৰ সৈতে কৰা কৌতুক। তেওঁলোক অতিকৈ বুদ্ধিমান।“ এই সৰু ভিডিঅ’টোৱে বৰ্তমানলৈ ৩২০.৩ হাজাৰ ভিউজ পোৱাৰ লগতে ১৩.৪ হাজাৰ লাইক আৰু দুহেজাৰ ৰিটুইট লাভ কৰি লৈ সক্ষম হৈছে।

এই ভিডিঅ’টোত এগৰাকী মহিলাই বৃহৎ হাতী এটাৰ সমুখত থিয় হৈ থকা দেখা যায়। ভিডিঅ’ ক্লিপটো চাই অনুমান কৰিব পাৰি যে তেওঁ হাতীটোৰ সৈতে ফটো উঠিবলৈ প’জ দি আছিল। হাতীটোৱে শুৰডাল আগবঢ়াই আনি মহিলাগৰাকীৰ মূৰৰ পৰা টুপিতো চুৰ কৰি নিয়ে আৰু লুকুৱাই থয়। ইয়াৰ পিছত মহিলাগৰাকীয়ে তেখেৰ টুপীটো ওভতাই দিবলৈ অনুৰোধ কৰে। কেইটামান মুহূৰ্তৰ পিছত শান্ত প্ৰকৃতিৰ হাতীটোৱে টুপিটো তেখেতক ওভতাই দিয়ে।

ইণ্টাৰনেটত মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰা এই ভিডিঅ’টোৰ বিষয়ে সাংবাদিক য়াছৰ আলীয়ে কৈছে যে এই ঘটনাটি জিম্বাবুৱেৰ এখন চাফাৰী উদ্যানৰ। একাংশ লোকে এই ভিডিঅ’টি আমোদজনক পালেও আন একাংশই ভিডিঅ’টো শ্বেয়াৰ কৰা কাৰণে ৰেক্স চেপমেনক সমালোচনা কৰিছে।



এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে এই বিষয়ে মন্তব্য দিছে, “অনুগ্ৰহ কৰি এইটো নকৰিব, ইয়াক সমৰ্থন নকৰিব আৰু হাতীক এইটো কৰিবলৈ প্ৰশিক্ষণ প্ৰদান কৰা ব্যৱসায় উপভোগ নকৰিব যাতে মানুহে ভিডিঅ' ল'ব পাৰে। এইতো মানৱীয় নহয়। মানুহে এই সুন্দৰ জন্তুবোৰৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে।“
Published by:Sanjay Kumar Das
First published: