কিছুমান কাণ্ডই কেতিয়াবা আচৰিত কৰে। বিশেষকৈ ছচিয়েল মিডিয়াৰ বহুল জনপ্ৰিয়তাৰ পিছত, মানুহৰ জীৱন যথেষ্ট পৰিৱৰ্তন হৈছে। পূৰ্বেও এনে ধৰণৰ বহুতো ঘটনা ঘটিছিল, কিন্তু আমি সেই সকলোবোৰ জানিব পৰা নাছিলো, কিয়নো সেই সময়ত কোনো সামাজিক মাধ্যম নাছিল। ভাইৰেল ভিডিঅ' নামৰ কোনো শব্দ নাছিল। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, সেইসময়ত কোনো স্মাৰ্টফোন নাছিল। এতিয়া জীৱনৰ বহু মুহূৰ্ত ফোনৰ কেমেৰাত বন্দী কৰিব পাৰি।
এনেদৰেই 'কেঁচা বাদাম' খ্যাত ভুৱন বাদ্যকাৰ ভাইৰেল হৈ পৰিছে। ৰাণু মণ্ডলৰ দৰে কিমান জন লোক ভাইৰেল হৈ পৰিছে হিচাপ নাই! কিন্তু এতিয়া কেৱল মানুহৰে নহয়, জন্তুৰ ভিডিঅ' প্ৰতিদিনে ভাইৰেল হোৱা দেখিবলৈ পোৱা যায়। এইবাৰ ভাইৰেল হৈছে গৰুৰ এটা বিশেষ ভিডিও।
গৰু সাধাৰণতে গোহালিত থাকে। তাতেই ঘাঁহ খায়। পুৱা পথাৰত মেলি দিয়ে। কিন্তু শেহতীয়াকৈ এটা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। নেটিজেনসকলে দেখি আচৰিত হৈছে। গৰুটোক বিচনাত শুৱাই দিয়া হৈছে। AC ৰুমত শুবলৈ দিয়া গৰুটোৰ গাত দিয়া হৈছে এখন কম্বলো।