কেঁচা বাদাম গীতত নৃত্য কৰিবলৈ আৰক্ষীৰ লোকক আগবাঢ়ি অহা দেখা গ'ল।
কেঁচা বাদাম গীতত নৃত্য কৰিবলৈ আৰক্ষীৰ লোকক আগবাঢ়ি অহা দেখা গ'ল।
ভুৱন বাদ্যকাৰ এতিয়া সৰ্বত্ৰ এক জনপ্ৰিয় নাম। বৰ্তমান নিজৰ নতুন গাড়ীখনকলৈ গান লিখিছে ভুৱন বাদ্যকাৰে। গাড়ী চলাবলৈ শিকাৰ সময়ত দুৰ্ঘটনাতো পতিত হৈছিল ইণ্টাৰনেটৰ শেহতীয়া চেন্সেশ্যনজন।
কেঁচা বাদাম শীৰ্ষক গীতত ৰীল ভিডিও প্ৰস্তুত নকৰা লোক হয়টো আঙুলিৰ মূৰত লিখিব পৰাকৈহে ওলাব। সাধাৰণ ইণ্টাৰনেট ইউজাৰ্ছৰ পৰা আৰম্ভ কৰি একেবাৰে বলীউদৰ তাৰকালৈকে সকলোৱেই কেঁচা বাদাম গীতত ৰীল ভিডিও প্ৰস্তুত কৰা আমি সকলোৱেই দেখিছে।
আনকি কেঁচা বাদাম গীতত নৃত্য কৰিবলৈ আৰক্ষীৰ লোকক আগবাঢ়ি অহা দেখা গ'ল। তেওঁলোকেও গীতৰ তালে তালে নৃত্য কৰিলে। ভাইৰেল ভিডিঅ'টোত পুৰুষ আৰু মহিলা আৰক্ষীৰ এটা দলে কেঁচা বাদামৰ গানত নৃত্য কৰা দেখা গৈছে।
শেহতীয়াকৈ, এই ভাইৰেল ভিডিঅ'টোত, ভূবন বাদ্যকাৰৰ গীতত চাৰিজন পুৰুষ আৰু মহিলা আৰক্ষী কৰ্মীক শাৰীপাতি নৃত্য কৰা দেখিবলৈ পোৱা গ'ল।
আৰক্ষীয়ে অলপ আনন্দ কৰিব নোৱাৰে নেকি? ভিডিঅ'টো এনে ধৰণৰ কেপশ্যনৰ সৈতে টুইট কৰা হৈছে। ভিডিঅ'টোৱে এতিয়ালৈকে ৪০০০ লাইক লাভ কৰিছে। বহুলোকে পাঁচজন আৰক্ষীৰ নৃত্য চাই যথেষ্ট আনন্দ লাভ কৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|