মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Viral Video || হোমৰ গুৰিত সাত পাক ঘূৰিয়েই কইনাৰ ভৰিত পৰিল দৰা! পতি দেৱো ভৱঃ নহয়, পত্নী দেৱী ভৱঃ ! তুমুল ভাইৰেল ভিডিঅ'

Viral Video || হোমৰ গুৰিত সাত পাক ঘূৰিয়েই কইনাৰ ভৰিত পৰিল দৰা! পতি দেৱো ভৱঃ নহয়, পত্নী দেৱী ভৱঃ ! তুমুল ভাইৰেল ভিডিঅ'

News18 Assam | News18-Assam
Updated:September 13, 2021, 9:30 PM IST
Viral Video || হোমৰ গুৰিত সাত পাক ঘূৰিয়েই কইনাৰ ভৰিত পৰিল দৰা! পতি দেৱো ভৱঃ নহয়, পত্নী দেৱী ভৱঃ ! তুমুল ভাইৰেল ভিডিঅ'
Viral Video: সেন্দূৰ ৰঙা পাটৰ শাৰী, আভূষণৰ চিকমিকনিৰ মাজত জিলিকি থকা কইনা। মুখত আনন্দৰ হাঁহি এটা লৈ সন্মুখত থিয় হৈছিল দৰা। সেই সময়ত কাহিনীত আহিল ভীষণ টুইষ্ট।

Viral Video: সেন্দূৰ ৰঙা পাটৰ শাৰী, আভূষণৰ চিকমিকনিৰ মাজত জিলিকি থকা কইনা। মুখত আনন্দৰ হাঁহি এটা লৈ সন্মুখত থিয় হৈছিল দৰা। সেই সময়ত কাহিনীত আহিল ভীষণ টুইষ্ট।

  • News18 Assam
  • Last Updated: September 13, 2021, 9:30 PM IST
  • Share this:
হিন্দু বিবাহত হোমৰ গুৰিত সাত পাক ঘূৰি পত্নীয়ে স্বামী (Bride-Groom)ৰ ভৰি স্পৰ্শ কৰাৰ প্ৰথা প্ৰাচীন কালৰ পৰাই চলি আহিছে । বৰ্তমান সমাজত আধুনিকতাৰ গ্ৰাসত পৰি এই নিয়ম বহু ম্লান পৰিছে। কিন্তু এতিয়াও সমাজত এনে বহু গোঁড়া বা পুৰণি ধ্যান-ধাৰাৰ পৰিয়াল আছে য'ত এই প্ৰথা প্ৰচলিত আছে। কিন্তু নতুন চামে এনে ধৰণৰ প্ৰথাৰ পৰা আঁতৰি পৰিয়াল আৰু সমাজখনক বিভিন্ন ধৰণে দেখুৱাবলৈ চেষ্টা কৰিছে যে আজিৰ সমাজত পুৰুষ আৰু মহিলাৰ মাজত কোনো বৈষম্য নাই । এই ভাইৰেল দম্পতীৰ সৈতেও ঠিক সেইটোৱেই ঘটিছিল। নাৰী পুৰুষৰ অসমতাৰ প্ৰাচীৰ ভাঙিবলৈ ই এক দৃষ্টান্ত।

বিয়াঘৰত দৰা আৰু কইনাৰ ঘৰৰ আত্মীয় তথা অভ্যাগতৰ মাজত বিয়াৰ পাৰভঙা আনন্দ। সকলো ব্যস্ত হাঁহি-স্ফূৰ্তি আৰু তামাছাত। সেন্দূৰ ৰঙা পাটৰ শাৰী, আভূষণৰ চিকমিকনিৰ মাজত জিলিকি থকা কইনা। মুখত আনন্দৰ হাঁহি এটা লৈ সন্মুখত থিয় হৈছিল দৰা। সেই সময়ত কাহিনীত আহিল ভীষণ টুইষ্ট।










View this post on Instagram






A post shared by Piyush Awchar (@mr_robin_hudd)






ভিডিঅ'টোত দেখা গৈছে যে দুয়োজনে হোমৰ গুৰিত সাত পাক ঘূৰাৰ মন্দিৰ দৰ্শন কৰিছিল। লগত পৰিয়ালৰ আন সদস্যও আছিল । সেই সময়তে পত্নীয়ে মন্দিৰ এৰি স্বামীৰ ভৰি চুই সেৱা কৰিব গৈছিল। কিন্তু পত্নীৰ সেই সেৱা গ্ৰহণ কৰাৰ পৰিৱৰ্তে মূৰ নত কৰি স্বামীয়েহে পত্নীৰ ভৰিত চুই শ্ৰদ্ধাপূৰ্বক সেৱা জনাইছিল। স্বামীৰ এই কাৰ্যত পত্নী ইমানেই হতবাক হৈছিল যে তাই উচপ খাই উঠিছিল আৰু লাজতে ৰঙা-চিঙা পৰিছিল।

স্বামী আৰু পত্নীৰ এই আকস্মিক মুহূৰ্তটো কোনোবাই কেমেৰাত বন্দী কৰিছিল আৰু ছচিয়েল মিডিয়াত পোষ্ট কৰিছিল । মুহূৰ্ততে ভাইৰেল (Viral Video) হৈ পৰিছিল ভিডিঅ'। নেটিজেনসকল দৰাৰ তেওঁৰ পত্নীৰ প্ৰতি চেনেহৰ এই কাৰ্যত অতিকে সুখী। বহুতে কৈছে যে পত্নীয়ে স্বামীক যিদৰে সন্মান কৰাতো নিয়ম একেদৰে স্বামীয়েও পত্নীক সন্মান কৰা উচিত।
Published by: Manjumoni Borah
First published: September 13, 2021, 9:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি