মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Viral Video | Bride and groom : দুই ফিটনেছ গুৰুৰ শুভ পৰিণয়, বিয়াত যি কৰিলে দৰা-কইনাই মুহূৰ্ততে হ'ল ভাইৰেল

Viral Video | Bride and groom : দুই ফিটনেছ গুৰুৰ শুভ পৰিণয়, বিয়াত যি কৰিলে দৰা-কইনাই মুহূৰ্ততে হ'ল ভাইৰেল

Manjumoni Borah | News18-Assam
Updated:August 28, 2021, 9:47 PM IST
Viral Video | Bride and groom : দুই ফিটনেছ গুৰুৰ শুভ পৰিণয়, বিয়াত যি কৰিলে দৰা-কইনাই মুহূৰ্ততে হ'ল ভাইৰেল
Viral Video | Bride and groom : বিয়াৰ এটা ভিডিঅ' শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে। সেই ভিডিঅ'টোত আছে কি?

Viral Video | Bride and groom : বিয়াৰ এটা ভিডিঅ' শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে। সেই ভিডিঅ'টোত আছে কি?

  • Share this:
যি কোনো বিয়া ঘৰতে নানা মজাৰ ঘটনা দেখিবলৈ পোৱা যায়। ঘটনাটো ঘটাৰ মুহূৰ্তত অস্বস্তিকৰ যেন লাগিলেও পিছত কিন্তু এইবোৰেই হৈ পৰে হাঁহিৰ খোৰাক। এইবোৰেই পিছত সকলোৰে মনত আনন্দ দিবলৈ সক্ষম হয়। বিয়া ঘৰৰ এনে বহু মজাৰ ভিডিঅ' ভাইৰেল হৈ থাকে (Viral Video - Bride and groom) । এইবাৰো একেধৰণৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে (Viral Video) ছচিয়েল মিডিয়াত।

শেহতীয়াকৈ এখন  বিবাহৰ ভিডিঅ' ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। পিছে সেই ভিডিঅ'টোত কি আছে? জানিব পৰা মতে দৰা-কইনা দুয়ো ফিটনেছ প্ৰশিক্ষক। তেওঁলোকৰ প্ৰেম দীঘলীয়া। কিন্তু বিয়াখন অলপতে হৈছিল। বিয়াখনৰ কেইবাটাও ভিডিঅ' ছচিয়েল মিডিয়াত আপলোড কৰিছিল। তাৰে এটাত 'ফিটনেছ ফ্ৰিক' দৰা-কইনাই ৰভাতলীতে পুশ্ব আপ কৰি থকা দেখা গৈছে। দৰা-কইনাৰ এই ভিডিঅ'টো দেখি আচৰিত হৈছে নেটিজেনসকল। নৱ দম্পতীয়ে বিবাহৰ গধুৰ কাপোৰ পিন্ধিও পুশ্ব আপ কেনেকৈ কৰিছে বুলি সকলো হতবাক। ইনষ্টাাগ্ৰামত শ্বেয়াৰ হৈছে এই ভিডিঅ'।










View this post on Instagram






A post shared by Akshita Arora Mahajan | Coach (@fit.arora)






কইনাগৰাকীৰ নাম অক্ষিতা অৰোৰা মহাজন। অক্ষিতাই এই ভিডিঅ'টো তাইৰ ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল। অক্ষিতাক তাইৰ স্বামী আদিত্য মহাজনৰ সৈতে পুশ্ব আপ কৰা দেখা গৈছে। ভিডিঅ'টো চোৱাৰ পিছত, নেটিজেনসকলে কয় যে দুয়োকে বিবাহৰ সাজত ধুনীয়া দেখাইছে। দুয়োৰে কাণ্ডত নেটিজেনসকল আচৰিত হোৱাৰ লগতে প্ৰশংসাও কৰিছে।

এই ভিডিঅ'টোৰ সময়ত 'বচপন কা প্যাৰ' গানটো বাজি আছিল যিটো শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে।
Published by: Manjumoni Borah
First published: August 28, 2021, 8:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি