• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ভয়ংকৰ! বাৰ্থডে’ পাৰ্টীত স্নো ফ’ম মাৰোতে মুখ জ্বলিল বাৰ্থডে বয়ৰ, ভাইৰেল ভিডিঅ’

ভয়ংকৰ! বাৰ্থডে’ পাৰ্টীত স্নো ফ’ম মাৰোতে মুখ জ্বলিল বাৰ্থডে বয়ৰ, ভাইৰেল ভিডিঅ’

এই ভয়ংকৰ ভিডিঅ’টো ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। এই ভিডিঅ’টো সকলোৰে বাবে এক সকীয়নি হৈ পৰিছে।

এই ভয়ংকৰ ভিডিঅ’টো ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। এই ভিডিঅ’টো সকলোৰে বাবে এক সকীয়নি হৈ পৰিছে।

এই ভয়ংকৰ ভিডিঅ’টো ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। এই ভিডিঅ’টো সকলোৰে বাবে এক সকীয়নি হৈ পৰিছে।

  • Share this:
বাৰ্থডে পাৰ্টীত ভয়ংকৰ ঘটনা। নিজৰ জন্মদিনত কেক কাটিবলৈ লওঁতেই বন্ধুৱে স্নো ফ’ম স্প্ৰে কৰাৰ ফলত মুখ জ্বলিল বাৰ্থডে বয়ৰ। এই ভয়ংকৰ ভিডিঅ’টো ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। এই ভিডিঅ’টো সকলোৰে বাবে এক সকীয়নি হৈ পৰিছে।

ভিডিঅ’টোত দেখা গৈছে এজন যুৱকে জন্মদিনৰ কেক কাটিবলৈ লৈছে। কেকত স্পাৰ্কেল কেণ্ডেল জ্বলাই কাটিবলৈ লওঁতেই এজন বন্ধুৱে যুৱকজনৰ মুখলৈ মাৰিছে স্নো ফ’ম। লগে লগে তেওঁৰ মুখত লাগি ধৰা স্নো ফ’মত অগ্নিসংযোগ হয় আৰু জুয়ে আৱৰি ধৰে মুখমণ্ডল। পিছত বন্ধুবৰ্গই জুই নুমুৱাবলৈ চেষ্টা কৰা দেখা গৈছে।

সাধাৰণতে আজিকালি ল’ৰা–ছোৱালীয়ে বিভিন্ন পাৰ্টীত বিশেষকৈ জন্মদিনৰ পাৰ্টীত এই স্নো ফ’ম ব্যৱহাৰ কৰে। আচলতে এই স্প্ৰে অতি বিপজ্জনক, কাৰণ তাত থকা কেমিকেল সহজতে জুইৰ সংস্পৰ্শলৈ আহে। সেয়ে এইসমূহ ব্যৱহাৰ কৰা উচিত নহয়!


(News18 অসমে এই ভাইৰেল ভিডিঅ’ৰ সত্যতা নিৰূপণ নকৰে।)
Published by:Sanjay Kumar Das
First published: