সঁচাকৈ আজৱ দুনীয়া। ক'ত কি হৈ থাকে জনাটোৱেই দিকদাৰ! প্ৰায়ে কিছুমান আজৱ খবৰ সমুখলৈ আহে। কেতিয়াবা দেখা যায়, কোনোৱে গীত গাই ভাইৰেল হৈছে। সম্প্ৰতি এক নতুন কাহিনী পোহৰলৈ আহিছে। আৰমান, পায়েল আৰু কৃতিকা মালিকৰ কাহিনী।
তেওঁলোক তিনিওজনেই ছচিয়েল মিডিয়া ষ্টাৰ। টিকটক ভিডিও প্ৰস্তুত কৰি সকলোৰে সমুখলৈ আহিছিল তিনিওজন। টকটকৰ পিছত ইনষ্টাগ্ৰামতো জনপ্ৰিয় তেওঁলোকৰ যুটি। বাস্তৱ জীৱনতো এই তিনিওজনৰ স্বামী-স্ত্ৰীৰ সম্পৰ্ক। পায়েল আৰু কৃতিকাই বিয়া কৰাইছে আৰমান মালিকক। পায়েল আৰু আৰমানৰ এটা পাঁচবছৰীয়া সন্তানো আছে। তিনিওজনৰে সুখৰ সংসাৰ।
আচৰিত কথাতো হ'ল যে, কৃতিকা আৰু পায়েল শৈশৱৰ বান্ধৱী। অৰমান আৰু পায়েল প্ৰেমৰ মাজেৰে বিবাহপাশত আৱদ্ধ হৈছে। তেওঁলোকৰ বিয়াৰ ছয় বছৰ পাৰ হ'ল। তেওঁলোকৰ এটা পুত্ৰও আছে। তাৰ পিছত কাহিনীটোত এটা নতুন পাক লয়। অৰমানে পায়েলৰ আটাইতকৈ ভাল বান্ধৱী কৃতিকাক এখন বিয়াত প্ৰথমবাৰলৈ চিনাকী হৈছিল। প্ৰথম চিনাকীতে দুয়ো দুয়োৰে প্ৰেমত পৰিছিল।
ইফালে, পায়েলে তেওঁৰ স্বামী আৰু বান্ধৱীৰ প্ৰেমৰ বিষয়ে জানিব পাৰিলে। তাৰ পিছত পায়েলে যি কৰিলে, সেয়া জানিলে আচৰিত হ'ব। পায়েলে নিজৰ স্বামীক কৃতিকাৰ সৈতে বিয়া কৰাই দিলে। কিন্তু এইটো ইয়াতে শেষ নহয়। তিনিও একেটা ঘৰত বাস কৰিবলৈ আৰম্ভ কৰে। এতিয়া তিনিও একেলগে ভিডিও প্ৰস্তুত কৰে। যৌনতা, প্ৰেম বা পৰিয়ালৰ বিষয়ে এই তিনিজন লোকৰ মাজত কোনো বিবাদ নাই। তেওঁলোকৰ আৱেগিক ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|