বিমান যাত্ৰাৰ সময়ত হেণ্ড বেগেজত ১০০ মিলিলিটাৰতকৈ বেছি তৰল বা লিকুইড কেৰি কৰিবলৈ নিদিয়ে। এই নিয়ম সকলোৱেই জানে। কিন্তু তাৰ পিছতো বহুতে ভুল কৰে। ভুলবশতঃ বেগত ৰাখে বেছি পৰিমাণৰ লিকুইড সামগ্ৰী। আৰু তাৰ ফলত বিমানবন্দৰলৈ গৈ সমস্যাত পৰিবলগীয়া হয়।
চিকিউৰিটী চেকৰ সময়ত এই ধৰণৰ বহু সামগ্ৰী উলিয়াই দিবলগীয়া হয়। যদি কিছু লিকুইড সামগ্ৰী ক্ৰয় কৰে, তেন্তে সেয়া চিকিউৰিটী চেকৰ পিছতহে। তাৰ পূৰ্বে কেতিয়াও হেণ্ড বেগত ১০০ মিলি লিটাৰতকৈ বেছি ৰখাৰ অনুমতি নিদিয়ে।
সম্প্ৰতি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এটা বিমানবন্দৰৰৰ এটা ভিডিও ভাইৰেল হৈছে। দেখা গৈছে যে, এগৰাকী মহিলাৰ বেগত ভদকাৰ বটল লাভ কৰাৰ পিছত চিকিউৰিটীয়ে আবদ্ধ কৰি ৰাখে। কিন্তু মহিলাগৰাকী আৰু তেওঁৰ বন্ধুৱে এই দামী ভদকা পেলাই দিব নিবিচাৰে। কিন্তু কোনো উপায় নেদেখি, চিকিউৰিটী চেকৰ ওচৰতে ভদকাৰ বটল খোলে আৰু খাবলৈ আৰম্ভ কৰে। আনকি ওচৰতে থকা অন্য মহিলাকো খাবলৈ দিয়ে। পেছেঞ্জাৰসকলৰ এই কাণ্ড দেখি আচৰিত হৈ পৰে সকলো। এই ভিডিও ছচিয়েল মিডিয়াত ভাইৰেল হ'বলৈ বৰ বেছি সময় নালাগিল।
টিকটকত এই ভিডিও পোষ্ট কৰা হয়। মহিলা যাত্ৰীয়ে জনাইছে যে, আমাক নিবলৈ দিয়া হোৱা নাছিল। গতিকে সকলোকে খোৱাই দিলো।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|