• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • সৰহকৈ নহৰুৰ বাকলি গুচাবলৈ সমস্যা? জানক কেইটামান চেকেণ্ডৰ ভিতৰত নহৰুৰ বাকলি কেনেকৈ গুচাব?

সৰহকৈ নহৰুৰ বাকলি গুচাবলৈ সমস্যা? জানক কেইটামান চেকেণ্ডৰ ভিতৰত নহৰুৰ বাকলি কেনেকৈ গুচাব?

নহৰুৰ বাকলি গুচোৱাতো আমাৰ সকলোৰে কাৰণে অতি কষ্টকৰ আৰু আমনিদায়ক কাম। সাধাৰণতে আমাৰ ৰান্ধনিশালৰ পাচলিৰ বাকলি গুচাবলৈ আমি বহুতো সহয় উপায় অৱলম্বন কৰো যদিও এই কামটো কৰিবলৈ সময়ৰ লগতে যথেষ্ট ধৈৰ্য প্ৰয়োজন হয়। নহৰুৰ বাকলি গুচাবলৈ বিভিন্ন উপায় আছে যদিও আমি এক অতি সহয় আৰু কম কষ্টকৰ উপায় ব্যৱহাৰ কৰিব পাৰো।

  • Share this:
জনপ্ৰিয় চছিয়েল মিডিয়া চাইট টিকটকত এগৰাকী ইউজাৰে ১২ ছেকেণ্ড সময়ৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। অতি কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰা এই ভিডিঅ’টোত দেখুওৱা হৈছিল অতি কম সময়ৰ ভিতৰত কষ্ট নকৰাকৈ কেনেদৰে নহৰুৰ বাকলি গুচাব পাৰি। এই পদ্ধতিটো অতি সহজ আৰু সময় ৰাহি কৰা।

ভিডিঅ’টোত দেখুওৱা অনুসৰি এটা সম্পূৰ্ণ আকৃতিৰ গোটা নহৰু লওক। নহৰুটো বাকলিৰ সৈতে পঠালিকৈ দুচেও কৰি কাটক। ই নহৰুটোক সমানে দুটা চেপেটা অংশত ভাগ কৰিব। এতিয়া কটা হোৱা ভাগ দুটা চ’পিঙ বৰ্ড এখনত থওক। মন কৰিব যে কটা ফাল দুটা যেন তলমুখলৈ থাকে আৰু বাকলি থকা ফালটো ওপৰমুৱা হয়। এতিয়া চুৰিখনৰ চেপেটা ফালটোৰে নহৰুৰ দুটুকুৰত যোৰকৈ মাৰি দিয়ক নাইবা যোৰেৰে হেঁচি দিয়ক। এতিয়া নহৰুবোৰৰ পৰা বাকলিবোৰ অতি সহজে এৰাই যাব।

অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ পৰা এই ভিডিঅ’টো বিভিন্ন চছিয়েল নেটৱৰ্কিং চাইটত উপচি পৰাৰ লগতে ১.৫ মিলিয়ন ভিউজ পাবলৈ সক্ষম হৈছে। অৱশ্যে এই সম্পৰ্কে বিভিন্নজনে ভিন্ন মতামত আগবঢ়োৱা দেখা গৈছে। এজন ইউজাৰৰ মতে এই পদ্ধতিয়ে সকলো সময়তে কাম নকৰে। ই কেৱল কেতিয়াবাহে ফলপ্ৰসু হয়।

আনহাতে আন এজনে মন্তব্য কৰে যে এই পদ্ধতি নহৰুৰ ফুটবোৰৰ ওপৰত নিৰ্ভৰ কৰে। যদি ফুটবোৰ অতিকৈ পুৰঠ হয়, তেন্তে ই সৰু টুকুৰাত ভাঙি পৰাৰ লগতে ৰস বৈ আহিব। লগতে বাকলিবোৰ সৰু সৰু টুকুৰাবোৰত লাগি ধৰিব পাৰে। এইটোৱে তেতিয়াহে ভালদৰে কাম কৰে যেতিয়া নহৰুটো অকণমাৰ পুৰণি হয় আৰু ফুটবোৰ আঠাজাতীয় হয়।
First published:

শেহতীয়া বাতৰি