সৰহকৈ নহৰুৰ বাকলি গুচাবলৈ সমস্যা? জানক কেইটামান চেকেণ্ডৰ ভিতৰত নহৰুৰ বাকলি কেনেকৈ গুচাব?

নহৰুৰ বাকলি গুচোৱাতো আমাৰ সকলোৰে কাৰণে অতি কষ্টকৰ আৰু আমনিদায়ক কাম। সাধাৰণতে আমাৰ ৰান্ধনিশালৰ পাচলিৰ বাকলি গুচাবলৈ আমি বহুতো সহয় উপায় অৱলম্বন কৰো যদিও এই কামটো কৰিবলৈ সময়ৰ লগতে যথেষ্ট ধৈৰ্য প্ৰয়োজন হয়। নহৰুৰ বাকলি গুচাবলৈ বিভিন্ন উপায় আছে যদিও আমি এক অতি সহয় আৰু কম কষ্টকৰ উপায় ব্যৱহাৰ কৰিব পাৰো।

- News18 Assam
- Last Updated: February 18, 2021, 1:17 PM IST
ভিডিঅ’টোত দেখুওৱা অনুসৰি এটা সম্পূৰ্ণ আকৃতিৰ গোটা নহৰু লওক। নহৰুটো বাকলিৰ সৈতে পঠালিকৈ দুচেও কৰি কাটক। ই নহৰুটোক সমানে দুটা চেপেটা অংশত ভাগ কৰিব। এতিয়া কটা হোৱা ভাগ দুটা চ’পিঙ বৰ্ড এখনত থওক। মন কৰিব যে কটা ফাল দুটা যেন তলমুখলৈ থাকে আৰু বাকলি থকা ফালটো ওপৰমুৱা হয়। এতিয়া চুৰিখনৰ চেপেটা ফালটোৰে নহৰুৰ দুটুকুৰত যোৰকৈ মাৰি দিয়ক নাইবা যোৰেৰে হেঁচি দিয়ক। এতিয়া নহৰুবোৰৰ পৰা বাকলিবোৰ অতি সহজে এৰাই যাব।
Can someone confirm that this works... 😳🧄 pic.twitter.com/9Ni7825YLH
— First We Feast (@firstwefeast) November 10, 2020
অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ পৰা এই ভিডিঅ’টো বিভিন্ন চছিয়েল নেটৱৰ্কিং চাইটত উপচি পৰাৰ লগতে ১.৫ মিলিয়ন ভিউজ পাবলৈ সক্ষম হৈছে। অৱশ্যে এই সম্পৰ্কে বিভিন্নজনে ভিন্ন মতামত আগবঢ়োৱা দেখা গৈছে। এজন ইউজাৰৰ মতে এই পদ্ধতিয়ে সকলো সময়তে কাম নকৰে। ই কেৱল কেতিয়াবাহে ফলপ্ৰসু হয়।