ৰূপৱতী নুসৰাতে পিন্ধিব কইনাৰ সোনালী সাজ

বিৰহত ভাগিছে লাখ লাখ অনুৰাগীৰ হিয়া

news18assam
Updated:June 1, 2019, 4:33 PM IST
ৰূপৱতী নুসৰাতে পিন্ধিব কইনাৰ সোনালী সাজ
বিৰহত ভাগিছে লাখ লাখ অনুৰাগীৰ হিয়া
news18assam
Updated: June 1, 2019, 4:33 PM IST
বেংগলী চিনেমাৰ নায়িকা নুসৰাত জাহান সাংসদ নিৰ্বাচিত হোৱা দিনধৰি প্ৰায়ে চৰ্চাত থকা দেখা গৈছে। সংসদ ভৱনৰ চৌহদত শিশু সুলভ ভংগীমাৰে ফটো উঠাৰ পৰা Instagram ত উদ্দাম নৃত্য কৰা ভিডিঅ’ৰ জৰিয়তে প্ৰতিদিনেই দখল কৰিছে সংবাদ শিৰোনাম। এইবাৰ ছচিয়েল মিডিয়াত নিজৰ বিয়াৰ ইংগিত প্ৰদান কৰি আকৌ এবাৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে নৱ নিৰ্বাচিত সাংসদগৰাকী।

ছচিয়েল মিডিয়াত নিজৰ বিয়াৰ আঙুঠি পিন্ধি ফটো আপলোড কৰিছে অভিনেত্ৰীৰ পৰা ৰাজনৈতিক নেত্ৰী হোৱা নুসৰাত জাহানে।


বিয়াৰ খবৰ লাভ কৰি বেংগল আৰু উত্তৰ পূৰ্বাঞ্চলত থকা নুসৰাতৰ অনুৰাগী সকলৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া। বিভিন্নজনে কৰিছে আচৰিত ধৰণৰ কমেণ্ট।


২০১১ চনত বেংগলী ছবিত অভিষেক ঘটা নুসৰাত জাহানে কম সময়ৰ ভিতৰতে দৰ্শকক উপহাৰ দিয়ে বহুকেইখন হিট ছবি। মাত্ৰ ২৯ বছৰ বয়সতে সাংসদ হিচাপে নিৰ্বাচিত হোৱা নুসৰাতে নিৰবাচনত প্ৰতিপক্ষক পৰাস্ত কৰিছে বৃহৎ ব্যৱধানত।


নিখিল জৈন নামৰ কলিকতাৰ এজন ব্যৱসায়ীৰ লগত বিয়া ঠিক হোৱা নুসৰাতে ছচিয়েল মিডিয়াত জনাইছে নিজৰ বিয়াৰ কথা। ইতিমধ্যে নুসৰাতৰ ঘৰত চলিছে বিয়াৰ প্ৰস্তুতি।
আৰু চাওক পৰৱৰ্তী বাতৰি