দেশত হিন্দু–মুছলমানৰ ৰাজনীতি! কান্দোনত ভাগি পৰিল ৰাখী সাৱন্ত, চাওক Video

News18 Assam | News18-Assam
Updated:December 23, 2019, 1:12 PM IST
দেশত হিন্দু–মুছলমানৰ ৰাজনীতি! কান্দোনত ভাগি পৰিল ৰাখী সাৱন্ত, চাওক Video
বলীউদৰ ‘ড্ৰামা কুইন’ বুলি জনাজাত ৰাখী সাৱন্তৰ কথা কৈ থাকিলেও যেন শেষ নহ’ব

বলীউদৰ ‘ড্ৰামা কুইন’ বুলি জনাজাত ৰাখী সাৱন্তৰ কথা কৈ থাকিলেও যেন শেষ নহ’ব

  • Share this:
বলীউদৰ ‘ড্ৰামা কুইন’ বুলি জনাজাত ৰাখী সাৱন্তৰ কথা কৈ থাকিলেও যেন শেষ নহ’ব। যেতিয়াই তেতিয়াই যিকোনো মন্তব্য কৰি ছচিয়েল মিডিয়াত ট্ৰ’লৰ সন্মুখীন হয় ৰাখী সাৱন্ত।

এইবাৰ ৰাখী সাৱন্তে দেশত নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা শেহতীয়া পৰিস্থিতি সন্দৰ্ভত এটা ভিডিঅ’ প্ৰস্তুত কৰিছে। ভিডিঅ’টোৰ আৰম্ভণীতে ৰাখী সাৱন্তক কান্দি থকাৰ অৱস্থাত দেখা গৈছে। ইয়াৰ পিছতহে কন্দাৰ কাৰণ কয় ৰাখীয়ে।

ৰাখীয়ে ভিডিঅ’টোৰ জৰিয়তে দেশবাসীক কয় যে, এনেদৰে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব নালাগে। ৰাখীয়ে লগতে কৈছে, ‘এনদৰে সম্প্ৰদায়ৰ মাজত যি শক্তিয়ে কাজিয়া লগাই আছে, সেইয়া অতি লেতেৰা ৰাজনীতি’।




 





View this post on Instagram





 

A post shared by Rakhi Sawant (@rakhisawant2511) on




আৰু চাওক
পৰৱৰ্তী বাতৰি