মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »একমাত্ৰ পুত্ৰৰ মৃত্যুত ভাগি পৰিছে সুশান্ত সিং ৰাজপুতৰ পিতৃ, বেদনাদগ্ধ পিতৃৰ অৱস্থাই কন্দুৱাব আপোনাকো

একমাত্ৰ পুত্ৰৰ মৃত্যুত ভাগি পৰিছে সুশান্ত সিং ৰাজপুতৰ পিতৃ, বেদনাদগ্ধ পিতৃৰ অৱস্থাই কন্দুৱাব আপোনাকো

অনুৰাগী, বন্ধুসকলে বেদনাৰ মুকলি প্ৰকাশ কৰি থকাৰ সময়ত পোহৰলৈ আহিছে সুশান্ত সিং ৰাজপুতৰ পিতৃ কে কে সিঙৰ এখন বিশেষ আলোকচিত্ৰ। 

  • Share this:
বলিউডৰ অভিনেতা সুশান্ত সিঙৰ মৃত্যুৰ পিছত পৰিয়াল আৰু বন্ধুবৰ্গ এতিয়া শোকাহত। সুশান্তে মাত্ৰ ৩৪বছৰ বয়সতে পৃথিৱীক কিয় চিৰবিদায় জনালে সেয়া এতিয়াও নুবুজা সাঁথৰ। তেওঁৰ মৃত্যুৰ পিছত পুৰণি ভিডিও আৰু ছবি যথেষ্ট ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। ইয়াৰ মাজতে অভিনেতাজনৰ পিতৃৰ এখন ভাইৰেল ছবিয়ে বুকু গধুৰ কৰিছে বহুতৰে। একমাত্ৰ পুত্ৰক হেৰুওৱা পিতৃৰ বেদনাৰ চিত্ৰই কন্দুৱাইছে অনুৰাগীক।

সুশান্ত সিং ৰাজপুতৰ পিতৃ কে কে সিং সম্পূৰ্ণৰূপে ভাগি পৰিছে। ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ছবিখনত বিষন্ন পিতৃৰ এই ছবি সুশান্ত সিং ৰাজপুতৰ প্ৰাৰ্থনা সভাৰ। ডেকা পুত্ৰৰ মালা আঁৰি থোৱা ছবিৰ সন্মুখত বহি থকা কে কে সিঙৰ পৃথিৱীখন এতিয়া উকা, বৃহৎ শূণ্য।

প্ৰসিদ্ধ ফটোগ্ৰাফাৰ মানৱ মংগলানীয়ে এই ছবিখন নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছিল। সুশান্ত সিং ৰাজপুত চাৰিগৰাকী ভগ্নীৰ একমাত্ৰ ভাতৃ আছিল।

মেধা, খ্যাতি, সফলতা সকলো অৰ্জন কৰাৰ পিছত প্ৰতিভাশালী পুত্ৰ কিহৰ তাড়নাত পৃথিৱীৰ পৰা গুচি গ’ল সেই কথাই ওৰে জীৱন পিতৃ কে কে সিঙক আঘাত দিয়াতো নিশ্চিত। অতি বেদনাদায়ক!

শেহতীয়া বাতৰি