অপ্টিকেল ইলিউচন (Optical Illusion) ৰ সৈতে জড়িত ফটো আৰু ভিডিঅ'বোৰে বিভ্ৰান্তিৰ সৃষ্টি কৰে। এইবোৰত হয় কিবা আৰু দেখা পোৱা যায় আন কিবা। ছ'চিয়েল মিডিয়াত অপ্টিকেল ইলিউচন সম্পৰ্কীয় ফটোবোৰ যথেষ্ট ভাইৰেল (Optical Illusion viral photo) হয়। মানুহে তেওঁলোকৰ মাজত লুকাই থকা ৰহস্যবোৰো বিচাৰি উলিয়াবলৈ ভাল পায়। শেহতীয়াকৈ এনে এখন ছবি ভাইৰেল হৈ আছে য'ত কিছুমান লোকে দৌৰি থকা মানুহ দেখিছে বা কিছুমানে খোজ কাঢ়ি থকা কুকুৰ (Running man or walking dog illusion photo) এটা দেখিছে।
ছচিয়েল মিডিয়াত কিছু সময় ধৰি এই ফটোখন ভাইৰেল হৈ আছে। তুষাৰে আবৃত এটা এলেকাত চাৰিওফালে বৰফ পৰি ঢাক খাই থকা গছ কিছুমান। তাৰ মাজতে এটা বস্তু আছে। গোটেই ভ্ৰমটো ইয়াৰ লগতে সাঙোৰ খাই আছে। বহুতে এইটো মানুহ বুলি কয় আৰু বহুতেই এটা কুকুৰ বুলি দাবী কৰে।
The amazing picture of the dog, which also looks like a man running into the woods? It’s of a poodle in Alaska named “Bob Marley Sir Pounce A Lot” owned by Terri Babers.
And my favorite thing about the shot is how the trees change size as your perspective shifts. pic.twitter.com/VQjbYOBOea
ফটোখন প্ৰথমবাৰ চোৱাৰ লগে লগে কেইমুহূৰ্তমান এনেকুৱা লাগে যেন এজন মানুহ দৌৰি লাই আছে। এনে লাগে যে মানুহজন বাওফালে হাউলি আছে আৰু এঝন ভৰি আগলৈ আৰু আনখন পিছফালে আছে। মানুহজনৰ এখন হাত আগলৈ থকা যেনো লাগে। কিন্তু আপুনি যদি অলপ ধ্যান দি ফটোখন চায় তেন্তে দেখিব যে এটা কুকুৰ ফটোগ্ৰাফাৰজনৰ পিনে আহি আছে। কুকুৰটোৰ নোম বহু ঘন আৰু ভালকৈ চালে দেখা যায় যে তাৰ তল ওঁঠত বৰফো লাগি আছে।
দ্য আটলাণ্টিকৰ মুখ্য কাৰ্যবাহী বিষয়া থমছনে টুইটাৰত এটা পোষ্ট শ্বেয়াৰ কৰিছিল য'ত তেওঁ লিখিছিল যে ফটোখন বব মাৰ্লে নামৰ আলাস্কাত তোলা এটা পুডল কুকুৰৰ আছিল। পোষ্টটোৰ মতে, এই কুকুৰটো টেৰী বাৰ্বাৰ্ছৰ। তেওঁ কয় যে ফটোখনৰ দৃষ্টিভংগী সলনি হোৱাৰ লগে লগে ইয়াৰ চাৰিওফালৰ পৰিৱেশো সলনি হয়। টুইটাৰত বহুলোকে মন্তব্য কৰিছে আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মানুহে এইটোও বিশ্বাস কৰিছিল যে তেওঁলোকে প্ৰথমে এজন মানুহ আৰু পিছত এটা কুকুৰ দেখিছিল।