অপ্টিকেল ইলিউচন হৈছে মগজুৰ পৰীক্ষা, ধৈৰ্য্যৰ পৰীক্ষা। দৃশ্যমানতকৈ অধিক কিবা বিচাৰিবলৈ চেষ্টা কৰাটোৱে মানুহৰ মনৰ ভিতৰভাগ অধিক স্পষ্ট কৰি তোলে। লুকাই থকা জন্তুবোৰৰ এনে অপ্টিকেল ইলিউচন ছবিবোৰে মূৰটো বেয়া কৰি তুলিবলৈ যথেষ্ট, চকু আৰু মূৰ অধিক সংখ্যক জন্তুৰ সন্ধানত ব্যস্ত হৈ পৰে। এনে ধৰণৰ ভাইৰেল অপ্টিকেল ইলিউচন তলৰটো। এই ছবিখন মানুহৰ মগজু আৰু পৰ্যৱেক্ষণ দক্ষতা পৰীক্ষা কৰাৰ এক গুৰুত্বপূৰ্ণ উদাহৰণ।
আপাত দৃষ্টিত সাধাৰণ ক'লা আৰু বগা গছৰ স্কেচ্ছে নেটিজেনসকলক বিভ্ৰান্ত কৰি তুলিছে। প্ৰথম দৃষ্টিত, গছজোপাৰ মৌলিক ছবি যেন লাগিছে প্ৰকৃততে গছৰ গুৰি আৰু ডালৰ মাজত লুকাই আছে জন্তুৰ এটা পৰিয়াল।
এই ছবিখনত আপুনি কিমানটা জন্তু দেখিছে?
পাতবিহীন গছৰ এই ছবিখনত, ইয়াৰ ডাল আৰু কাণ্ডবোৰ ভালদৰে চাওক। গছৰ ডালবোৰ বিচাৰি থাকক, আপুনি দেখিব যে বিভিন্ন জন্তু লুকাই আছে।
এতিয়া উত্তৰটোৰ সৈতে অপ্টিকেল ইলিউচন ছবিখন চাওক।
এই ভাইৰেল অপ্টিকেল ভ্ৰমত মুঠ আঠটা জন্তু লুকাই আছে। ছবিখনৰ বাওঁফালে তিনিটা, দুটা জন্তু মাজত আৰু তিনিটা সোঁফালে আছে।
এই ছবিখনত আপুনি কিমানটা জন্তু বিচাৰি পাইছিল? এই অপ্টিকেল ভ্ৰমটো অনস্বীকাৰ্য্যভাৱে আকৰ্ষণীয়, সেয়েহে আপুনি এই ছবিখন আপোনাৰ বন্ধুবৰ্গ বা পৰিয়ালৰ সদস্যসকলৰ সৈতেও ভাগ বতৰা কৰিব পাৰে। তেওঁলোকে কিমানটা জন্তু বিচাৰি পাব পাৰে চাওক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|