Viral Optical Illusion : কেতিয়াবা কেতিয়াবা কিছুমান বস্তু চকুৰ আগত থাকিলেও ধৰা নপৰে। আপুনি যিটো বস্তু দেখা পোৱা নাই, হয়তো চকু বন্ধ কৰি কিছু সময় পিছত সেয়া চকুত পৰে। বিশেষকৈ প্ৰকৃতিয়ে মাজে মাজে কিছুমান বস্তু নিজৰ সৈতে এনেভাৱে মিলাই ৰাখে যে সহজ সৰল দৃষ্টিত সেয়া ধৰা নপৰে।
কিছুমান অপ্টিকেল ইলুজন বা পাজল হয়তো দেখিছে যিয়ে আপোনাৰ মূৰ ঘূৰাই দিব। এনে এটা পাজল ছচিয়েল মিডিয়াত ভাইৰেল হৈছে, যিটো কেৱল তীক্ষ্ণ মস্তিষ্কৰ মানুহে উলিয়াব পাৰিব।
ভাইৰেল হোৱা ছবিত বিশাল ধূসৰ আৰু পাতল বাদামী ৰঙৰ শিল দেখা গৈছে। এই শিলবোৰৰ মাজতে আছে এটা সৰু শহাপহু।
শহাপহুটো আপুনি দেখা পাইছেনে? সহজে বিচাৰি পোৱা কঠিন, কিয়নো সন্মুখৰ দিশে মুখ কৰি বহি থকা নাই সি, কিন্তু আপুনি যদি গভীৰভাৱে মনোযোগ দি চায় তেন্তে গুহাৰ ওচৰত ক’লা চকু আৰু নেজসহ শহাপহুটো দেখা পাব।
বহু চেষ্টা কৰিও নোৱাৰিলে আপোনাৰ সহায়ৰ বাবে থাকিল এই সমাধান:
এতিয়া বিচাৰি পাইছেনে শহাপহুটো?
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|