ছচিয়েল মিডিয়াত সময়ে সময়ে কেতবোৰ অপ্টিকেল ইলুজন ভাইৰেল হৈ থাকে। এই অপ্টিকেল ইলুজনবোৰ দেখি মানুহ বিমোৰত পৰে। বহুতেই ইয়াৰ সমাধান বিচাৰি পায়, বহুতেই মূৰ ঘমাবলগীয়াও হয়। সম্প্ৰতি আন এখন ফটো ভাইৰেল হৈছে। বহু লোকে ইয়াৰ সমাধান উলিয়াবলৈ চেষ্টা কৰিছে যদিও অধিকসংখ্যক লোকেই বিফল হোৱা দেখা গৈছে।
এই অপ্টিকেল ইলুজন ফটোখনত এটা আৰ্ট বনোৱা হৈছে য’ত এটা হাঁহ দেখা গৈছে। ইয়াৰ উপৰি ফটোখনত এটা জন্তু লুকাই আছে যিটো সাধাৰণতে দৃশ্যমান নহয়। আপুনি এই ফটোখনত লুকাই থকা জন্তুটো বিচাৰি উলিয়াব লাগে। যদি আপুনি জন্তুটো ১৫ ছেকেণ্ডত বিচাৰি পায়, তেন্তে জানিব যে আপোনাৰ মগজু খুব তীক্ষ্ণ। আপুনি যিকোনো সমস্যাই সহজতে সমাধান কৰিব পাৰিব। এই ফটোখন ভালদৰে লক্ষ্য কৰক আৰু কওক ক’ত লুকাই আছে জন্তুটো। বহু লোকেই ফটোখন খুব ভালদৰে নজৰ কৰাৰ পিছতো দেখা নাপালে কোনো জন্তু। এই ফটোখনত ৯৯ শতাংশ লোকেই ব্যৰ্থ হৈছে জন্তুটো বিচাৰি উলিওৱাত। আহক চাওঁ ফটোখনত ক’ত লুকাই আছে জন্তু।
ছচিয়েল মিডিয়াত ভাইৰেল এই ফটোখনত এটা হাঁহ দেখা গৈছে। কিন্তু যদি আপুনি ভালদৰে লক্ষ্য কৰে তেন্তে আপুনি দেখা হাব এটা শহাপহু। এই ফটোখন মানুহে খুব পছন্দ কৰিছে।