মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »পত্নীয়ে বিচাৰিলে গৃহিণী হোৱাৰ ‘দাম’, স্বামীয়ে আগন্তুক ১৫ বছৰলৈ দিব লাগিব....

পত্নীয়ে বিচাৰিলে গৃহিণী হোৱাৰ ‘দাম’, স্বামীয়ে আগন্তুক ১৫ বছৰলৈ দিব লাগিব....

মহিলাগৰাকীয়ে এই ঘটনা ছচিয়েল মিডিয়াত সদৰি কৰিছে। অৱশ্যে একাংশ লোকে তেওঁৰ এই সিদ্ধান্ত ভুল বুলি মন্তব্য কৰাৰ বিপৰীতে একাংশই প্ৰশংসা কৰিছে।

মহিলাগৰাকীয়ে এই ঘটনা ছচিয়েল মিডিয়াত সদৰি কৰিছে। অৱশ্যে একাংশ লোকে তেওঁৰ এই সিদ্ধান্ত ভুল বুলি মন্তব্য কৰাৰ বিপৰীতে একাংশই প্ৰশংসা কৰিছে।

মহিলাগৰাকীয়ে এই ঘটনা ছচিয়েল মিডিয়াত সদৰি কৰিছে। অৱশ্যে একাংশ লোকে তেওঁৰ এই সিদ্ধান্ত ভুল বুলি মন্তব্য কৰাৰ বিপৰীতে একাংশই প্ৰশংসা কৰিছে।

  • Share this:
বিয়াৰ পিছত আজিও একাংশ দেশত মহিলাসকল গৃহিণী হৈ পৰে আৰু চাকৰি এৰি কেৱল ঘৰৰ ভিতৰতে আবদ্ধ হৈ পৰে। এনেকুৱা হোৱা আমি বিশ্বজুৰি দেখা পাওঁ। ইয়াৰ মাজতে ইয়াৰ লোকচানৰ বহু ঘটনা পোহৰলৈ আহে সময়ে সময়ে। তালাকৰ পিছত এই মহিলাসকলে চাকৰি পোৱাটো কঠিন হৈ পৰে কিয়নো চিভিত বহু গেপ আহি পৰে। এই সমস্যাৰ সমাধান উলিওৱাৰ বাবে এগৰাকী মহিলাই নিজৰ স্বামীৰ পৰা চুক্তিত স্বাক্ষৰ কৰাই ল’লে। তেওঁ কয় যে যদি স্বামীয়ে তালাক দিয়ে তেন্তে আগন্তুক ১৫ বছৰলৈ ধন পৰিশোধ কৰিব লাগিব। এই ধন তেওঁৰ চিভিত অহা গেপৰ বাবে সাহায্যৰ লেখীয়া হ’ব।

মহিলাগৰাকীয়ে এই ঘটনা ছচিয়েল মিডিয়াত সদৰি কৰিছে। অৱশ্যে একাংশ লোকে তেওঁৰ এই সিদ্ধান্ত ভুল বুলি মন্তব্য কৰাৰ বিপৰীতে একাংশই প্ৰশংসা কৰিছে। এই মহিলাগৰাকীৰ টিকটকত ২৬ হাজাৰৰো অধিক ছাবস্ক্ৰাইবাৰ আছে। তেওঁ স্বামীৰ সৈতে কৰা চুক্তিও দেখুৱাইছে। ভিডিঅ’টো এতিয়ালৈ ৬.৩ মিলিয়নৰো অধিক লোকে প্ৰত্যক্ষ কৰিছে। তেওঁৰ মতে, তেওঁ পৰিয়ালৰ বাবে পৰিয়ালৰ বাবে ইমানখিনি কৰাৰ পিছত তেওঁ ঘাটিত থাকিব নিবিচাৰে, সেইবাবে এই চুক্তিত স্বাক্ষৰ কৰাইছে।

মহিলাগৰাকীয়ে কয়, ‘যেতিয়া মই মানুহক ক’লো যে মই নিজৰ স্বামীৰ সৈতে চুক্তিত স্বাক্ষৰ কৰিছো যে যদি মই গৃহিণী হৈ থাকো আৰু তেওঁ তালাকৰ সিদ্ধান্ত লয়, তেন্তে তালাকৰ পিছত পৰৱৰ্তী ১৫ বছৰৰ বাবে মোৰ ৱৰ্ক হিষ্ট্ৰীত অহা গেপত সমতা অনাৰ বাবে মোক ধন পৰিশোধ কৰিব লাগিব।’

মহিলাগৰাকীৰ ভিডিঅ’ত ৮৫০০ৰো অধিক লোকে কমেণ্ট কৰিছে। এজন ব্যৱহাৰকাৰীয়ে কয়, ‘দহ বছৰলৈ ঘৰত থাকি শিশুৰ চোৱাচিতা কৰা আৰু ইয়াৰ পিছত চাকৰি বিচৰা বেয়া সপোনৰ দৰে।’ আন এজনে কৈছে, ‘মই পুৰুষ আৰু মই ভাবো যে এয়া একেবাৰে সত্য। বিনিয়োগকাৰীয়ে ইয়াক ‘কষ্ট অব অপৰ্চুনিটী’ কয়।

শেহতীয়া বাতৰি