প্ৰকৃতিয়ে মানুহৰ শৰীৰক ইমান আচৰিত আৰু অনন্য কৰি তুলিছে যে আমাৰ প্ৰত্যেকৰে আনতকৈ শৰীৰৰ ঘটন বেলেগধৰণৰ। এনে পৰিস্থিতিত, বহুতে তেওঁলোকৰ শৰীৰৰ অদ্ভুত গাঁথনিৰ বাবে অসন্তুষ্ট। আনহাতে কিছুমান লোকে বাস্তৱতাক একেবাৰে সহজভাৱে গ্ৰহণ কৰিছে। কিন্তু ইংলেণ্ডত এগৰাকী মহিলাৰ বাবে নিজৰ শৰীৰেই হৈ পৰিছে শত্ৰুৰ দৰে। মহিলাগৰাকীৰ স্তনৰ আকাৰ ইমান ডাঙৰ যে বেছিভাগ সময়তে তেওঁ উশাহ-নিশাহৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয়। এতিয়া মহিলাগৰাকীয়ে সিদ্ধান্ত লৈছে নিজৰ স্তন সৰু কৰিবলৈ তেওঁ অস্ত্ৰোপচাৰ কৰাব।
ইংলেণ্ডৰ নৰ্থ হেম্পটনশ্বায়াৰৰ বাসিন্দা ২১ বছৰীয়া কাৰ্লি পেছাত এগৰাকী সেৱিকা। বৰ্তমান তেওঁ ছচিয়েল মিডিয়াত ট্ৰেণ্ডিঙত আছে।
![]()
দৰাচলতে, কাৰ্লিৰ স্তনৰ আকাৰ 36 জেজে। যি তেওঁৰ বয়স, উচ্চতা আৰু ওজন আনুপাতে যথেষ্ট ডাঙৰ। কাৰ্লিয়ে নিজৰ স্তনকলৈ মাজে সময়ে পায় আৰু বেছিভাগ সময়তে উশাহ-নিশাহৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয়।
ব্ৰিটেইৰ স্বাস্থ্য সেৱাই অস্ত্ৰোপচাৰৰ বাবে কাৰ্লিৰ অনুৰোধ প্ৰত্যাখ্যান কৰিছিল। কাৰণ তেওঁৰ শৰীৰৰ ভৰ সূচক কমপক্ষে ২৫ বিএমআই নহয়। ডেইলী ষ্টাৰৰ মতে, কাৰ্লিয়ে ৰেষ্টুৰেণ্টত কাম কৰে। এতিয়া নিজৰ স্তানৰ আকাৰ সৰু কৰিবলৈ সাহায্য বিচাৰিছে জনতাৰ পৰা।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|