যেতিয়া ভাগ্যই সহায় কৰে তেতিয়া শিলো হৈ পৰে সোণ। এই বাক্য শাৰীয়েই যেন সঁচা প্ৰমাণিত হৈছে। এনেদৰেই যেন ভাগ্য সলনি হৈছে ইউনাইটেড কিংডমৰ(UK) জো ৰোজৰ।
জো ৰোজে পাৰ্কত তেওঁৰ পোহনীয়া কুকুৰৰ এখন ফটো তোলে। ফটোখন তোলাৰ সময়ত কুকুৰটোক খেলি থকা দেখা গৈছিল। ইয়াৰ মাজতে, জো ৰোজে হঠাতে এনে এক মুহূৰ্ত কেমেৰাত বন্দী কৰে যিয়ে তেওঁক ৰাতিটোৰ ভিতৰতে জনপ্ৰিয় কৰি তোলে। জো ৰোজে এই ফটোৰ বাবে এনিমেল ফ্ৰেণ্ডছ কমেডি পেট এৱাৰ্ডচ ২০২১ খিতাপ লাভ কৰে।
পেপাৰ নামৰ এই ৯ সপ্তাহৰ কুকুৰটো সঁচাকৈয়ে ধুনীয়া। এই ফটোখনত ক'লা লেব্ৰেডৰ কুকুৰ পেপাৰক এখন উদ্যানত খেলি থকা দেখুওৱা হৈছে। সেই ফটোখনত এনেকুৱা লাগিছিল যেন, পেপাৰে নিজৰ আৰ্থ্ৰাইটিছৰ দ্বাৰা এটা চুইংগাম ফুলাইছে। এইটো এটা অতি ধেমেলীয়া ঘটনা হিচাপে জো ৰোজৰ কেমেৰাত ধৰা পৰিছিল।
ফটোখনৰ বাবে ৰোজৰে প্ৰথম পুৰষ্কাৰ হিচাপে ২ লাখ টকাৰ পুৰস্কাৰ জিকিছে। জো ৰোজে কৈছিল যে, তেওঁ কেতিয়াও ভবা নাছিল যে, তেওঁৰ চলচ্চিত্ৰখন প্ৰথম হিচাপে নিৰ্বাচিত হ'ব।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|