টিকটকত মহিলাগৰাকীয়ে সমগ্ৰ ঘটনাৰ বিষয়ে বিতং ভাবে কয়। পিছত ডাক্তৰৰ পৰামৰ্শও লয় মহিলাগৰাকীয়ে।
টিকটকত মহিলাগৰাকীয়ে সমগ্ৰ ঘটনাৰ বিষয়ে বিতং ভাবে কয়। পিছত ডাক্তৰৰ পৰামৰ্শও লয় মহিলাগৰাকীয়ে।
সঁচাকৈ এক আচৰিত ঘটনা! স্তনপানৰ সময়ত এক আচৰিত ঘটনাৰ সাক্ষী হ'ল এগৰাকী মহিলা। সন্তানক গাখীৰ খোৱাই থকাৰ সময়তে মহিলাগৰাকীয়ে নিজৰ বাহুৰ তলত কিছু বিষ অনুভৱ কৰে। আৰু লাহে লাহে ফুলিবলৈ আৰম্ভ কৰে। আৰু যেতিয়া মহিলাগৰাকীয়ে সেই অংশ স্পৰ্শ কৰে তেতিয়া গাখীৰ ওলাই আহে।
টিকটকত মহিলাগৰাকীয়ে সমগ্ৰ ঘটনাৰ বিষয়ে বিতং ভাবে কয়। পিছত ডাক্তৰৰ পৰামৰ্শও লয় মহিলাগৰাকীয়ে। কিন্তু ডাক্তৰে ইয়াক লৈ কোনো চিন্তাৰ কাৰণ নাই বুলি জনাইছে।
উল্লেখ্য যে, স্তনাপন কৰা টিছ্যু কেৱল স্তনত নাথাকে। টেইন অব স্পেন্স নামৰ একধৰণৰ গাঁথনি স্তনৰৰ বাহিৰত আৰু কাষলতি তলৰ ফালেও সম্প্ৰসাৰিত হয়. আৰু ইয়াৰ ফলত কেতিয়াবা এনে হয়। মহিলাগৰকীয়ে পিছত কেতিয়াবা আন মহিলা এনে সমস্যাৰ সন্মুখীন হ'লে আতংকিত হোৱাৰ পৰিৱৰ্তে ডাক্তৰৰ পৰামৰ্শ ল'বলৈ আহ্বান জনায়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|