এয়া কি! অনলাইনত অৰ্ডাৰ কৰিছিল চিকেন ফ্ৰাই, আহিল ‘টাৱেল ফ্ৰাই’! ভিডিঅ’ ভাইৰেল

News18 Assam | News18-Assam
Updated:June 9, 2021, 6:34 PM IST
এয়া কি! অনলাইনত অৰ্ডাৰ কৰিছিল চিকেন ফ্ৰাই, আহিল ‘টাৱেল ফ্ৰাই’! ভিডিঅ’ ভাইৰেল
Photo Source: Twitter

‘ফ্ৰায়েড টাৱেল’ৰ দৰে এনে স্পেচিয়েল ডিচৰ ভিডিঅ’ কৰি মহিলাগৰাকীয়ে ছচিয়েল মিডিয়াত আপলোড কৰাত সেই ভিডিঅ’ ভাইৰেল হৈ পৰে।

  • Share this:
অৰ্ডাৰ কৰা হৈছিল কিবা এটা, আহিল অদ্ভুত কিবা এটা! ঘৰত অৰ্ডাৰ কৰা চিকেনৰ পেকেট খুলি আচৰিত সকলো। কাৰণ অনলাইনত চিকেন অৰ্ডাৰ কৰাৰ পিছত পোৱা গ’ল ‘টাৱেল ফ্ৰাই’। হয়, এখন নীলা বৰণৰ টাৱেল ফ্ৰাই কৰি পেকেট ভৰাই পঠিওৱা হৈছে। এই আশ্বৰ্যজনক কাণ্ড সংঘটিত হৈছে ফিলিপিন্সত।

‘Jollibee’ নামৰ এখন নামী ফাষ্ট ফুডৰ দোকানৰ পৰা ডিপ ফ্ৰায়েড চিকেন অৰ্ডাৰ কৰিছিল এগৰাকী মহিলাই। ঘৰত ডেলিভাৰীৰ পিছত পেকেট খুলি প্ৰথমে মহিলাগৰাকীয়ে বুজিবই পৰা নাছিল যে সেয়া চিকেন নহয়। কিন্তু পিছত খেবলৈ লৈ আচৰতি হৈ পৰে মহিলাগৰাকী। এনে অভিনৱ ডিচ দেখি ঘৰৰ সকলো অবাক। মহিলাগৰাকীয়ে পুত্ৰৰ বাবে স্পেচিয়েল চিকেন মিল অৰ্ডাৰ কৰিছিল। কিন্তু চিকেনৰ সলনি আহিল টাৱেল ফ্ৰাই!



‘ফ্ৰায়েড টাৱেল’ৰ দৰে এনে স্পেচিয়েল ডিচৰ ভিডিঅ’ কৰি মহিলাগৰাকীয়ে ছচিয়েল মিডিয়াত আপলোড কৰাত সেই ভিডিঅ’ ভাইৰেল হৈ পৰে।
Published by: Sanjay Kumar Das
First published: June 9, 2021, 6:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি