মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »Viral News: হানিমুনলৈ নিজৰ মাতৃকো লগত লৈ যাব বিচাৰিছিল স্বামীয়ে! জানিব পাৰি যি কৰিলে পত্নীয়ে...

Viral News: হানিমুনলৈ নিজৰ মাতৃকো লগত লৈ যাব বিচাৰিছিল স্বামীয়ে! জানিব পাৰি যি কৰিলে পত্নীয়ে...

বিবাহৰ পিছত স্বামী আৰু স্ত্ৰীৰ বাবে তেওঁলোকৰ জীৱনৰ অন্যতম আৱেগিক মুহূৰ্ত হৈছে হানিমুন যাপন।

বিবাহৰ পিছত স্বামী আৰু স্ত্ৰীৰ বাবে তেওঁলোকৰ জীৱনৰ অন্যতম আৱেগিক মুহূৰ্ত হৈছে হানিমুন যাপন।

বিবাহৰ পিছত স্বামী আৰু স্ত্ৰীৰ বাবে তেওঁলোকৰ জীৱনৰ অন্যতম আৱেগিক মুহূৰ্ত হৈছে হানিমুন যাপন।

  • Share this:
বিবাহৰ পিছত স্বামী আৰু স্ত্ৰীৰ বাবে তেওঁলোকৰ জীৱনৰ অন্যতম আৱেগিক মুহূৰ্ত হৈছে হানিমুন যাপন। এই সময়ত, নৱ দম্পত্তিয়ে ইজনে সিজনক গভীৰভাৱে বুজিবলৈ চেষ্টা কৰে। তেওঁলোকে ইজনে সিজনৰ সৈতে সময় অতিবাহিত কৰে। গতিকে সাধাৰণতে দুয়ো পৰিয়াল এৰি একেলগে হানিমুনলৈ যায়। কিন্তু শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এক বিশেষ খবৰে চকু কঁপালত তুলিছে সকলোৰে।

দ্য চান ৱেবছাইটৰ মতে, এগৰাকী মহিলাই অলপতে ছ'চিয়েল মিডিয়া ছাইট ৰেডিটত তেওঁৰ কাহিনী শ্বেয়াৰ কৰিছে। মহিলাগৰাকীয়ে এটা গ্ৰুপক কৈছিল যে, কেনেকৈ তেওঁৰ বাগদত্তাই তেওঁক নজনোৱাকৈয়ে বিয়াৰ পূৰ্বেই হানিমুনলৈ যোৱাৰ পৰিলকল্পনা কৰিছিল।

মাতৃকো হানিমুনলৈ নিয়াৰ কথা কৈছিল স্বামীয়েঃ

দুয়োজনে বিয়াৰ পূৰ্বেই পৰিকল্পনা কৰিছিল যে, তেওঁলোকে পৰিয়ালৰ সৈতে হানিমুনলৈ যাব। অৰ্থাৎ যুৱকজনৰ মাক-দেউতাক আৰু জীয়েকৰ মাকো একেলগে হানিমুনলৈ যাব, যাতে তেওঁলোকে ইজনে সিজনক ভালদৰে জানিবলৈ সুযোগ পায়। পত্নীয়ে কৈছিল যে, তেওঁ পৰিকল্পনাটোও ভাল পাইছিল, সেয়েহে তেওঁ প্ৰথমে ইয়াত সন্মত হৈছিল। কিন্তু মানুহজনে পিছত পুনৰ পৰিকল্পনাটো সলনি কৰি কৈছিল যে, তেওঁলোক দুয়োহে যাব। কিন্তু এদিন যেতিয়া মহিলাগৰাকীয়ে তেওঁৰ ভৱিষ্যতৰ শাহু আৰু স্বামীৰ সৈতে কাপোৰ ক্ৰয় কৰি আছিল, তেতিয়া তেওঁৰ মানুহজনক কোৱা শুনিছিল যে, তেওঁ মাককো হানিমুনলৈ লৈ যাব।

পিছত এনেদৰে তেওঁৰ সৈতে কোনো কথা নপতাকৈ স্বামীয়ে নিজ ইচ্ছাত সিদ্ধান্ত সলনি কৰি থকাত অসন্তুষ্ট হৈ পৰে পত্নীগৰাকী। আৰু অৱশেষত হানিমুনলৈ নোযোৱাৰ সিদ্ধান্ত লয়। ছচিয়েল মিডিয়াত এই কথা শ্বেয়াৰ কৰিছে মহিলাগৰাকীয়ে।

শেহতীয়া বাতৰি