সাধাৰণতে এটা কথা কোৱা হয় যে চৰকাৰী চাকৰি এটা পাবলৈ যিমান কষ্ট কৰিবলগীয়া হয়, সেই হিচাপত চাকৰি পোৱাৰ পিছত আৰামত কটাব পাৰি বাকী জীৱন। প্ৰতিমাহে বেতনৰ নিশ্চয়তা থাকে। সততে অভিযোগ উত্থাপন হয় যে চৰকাৰী কামবোৰ খুব লেহেমীয়া, চৰকাৰী কৰ্মচাৰীয়ে কামবোৰ খুব লেহেমীয়াকৈ কৰে। কিন্তু কিছুদিন ধৰি ইণ্টাৰনেটত এটা ভিডিঅ’ ভাইৰেল হৈছে, যিটো ভিডিঅ’ দেখিলে আপোনাৰো এই লোকজনৰ প্ৰতি শ্ৰদ্ধা উপজিব।
ভাৰতীয় ৰে’লৱেৰ এই কৰ্মচাৰীজনে ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ দৃষ্টি আকৰ্ষণ কৰিছে। অত্যন্ত দ্ৰুত কাম কৰিবলৈ সক্ষম হোৱা এইজন কৰ্মচাৰীৰ তৎপৰতাই হাৰ মনাব যিকোনো ৰবটকো। অফিচ টাইমত টিকট পাবলৈ হেতা–ওপৰা লগোৱাৰ সময়ত এই লোকজনৰ তৎপৰতাই যাত্ৰীসকলক সকাহ দিছে। মাত্ৰ ১৫ ছেকেণ্ডত তিনিটা টিকট কাটি সকলোকে আচৰিত কৰি তুলিছে লোকজনে। সাধাৰণতে ভাৰতীয় ৰে’লৱেৰ কউণ্টাৰত ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰৈ থাকিবলগীয়া হয় এটা টিকটৰ বাবে। কিন্তু সেই সময়তে এই লোকজনৰ কাম নিশ্চিতভাৱে ব্যতিক্ৰম।
ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই লোকজনৰ ভিডিঅ’। তেওঁক স্বয়ংক্ৰিয় ভেণ্ডিং মেচিনত টিকট কৰা দেখা গৈছে। মাত্ৰ ১৫ ছেকেণ্ডত তিনিটা টিকট কাটি একপ্ৰকাৰ আচৰিত কৰিছে ব্যক্তিজনে।
Somewhere in Indian Railways this guy is so fast giving tickets to 3 passengers in 15 seconds. pic.twitter.com/1ZGnirXA9d
— Mumbai Railway Users (@mumbairailusers) June 28, 2022