মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »Viral News: টিভিৰ ৰিম’টক লৈ শাহু-বোৱাৰীৰ কাজিয়া, বোৱাৰীয়েকে কামুৰিলে শাহুৱেকৰ হাতত! থানা পালেগৈ কাজিয়া

Viral News: টিভিৰ ৰিম’টক লৈ শাহু-বোৱাৰীৰ কাজিয়া, বোৱাৰীয়েকে কামুৰিলে শাহুৱেকৰ হাতত! থানা পালেগৈ কাজিয়া

ব্রিছালীয়ে তেওঁৰ অভিযোগত কয় যে টিভি চোৱাৰ বাবে বোৱাৰীক লৈ তেওঁৰ অসুবিধা গণেশোৎসৱৰ আৰম্ভণিৰ পৰাই আৰম্ভ হৈছিল৷

ব্রিছালীয়ে তেওঁৰ অভিযোগত কয় যে টিভি চোৱাৰ বাবে বোৱাৰীক লৈ তেওঁৰ অসুবিধা গণেশোৎসৱৰ আৰম্ভণিৰ পৰাই আৰম্ভ হৈছিল৷

ব্রিছালীয়ে তেওঁৰ অভিযোগত কয় যে টিভি চোৱাৰ বাবে বোৱাৰীক লৈ তেওঁৰ অসুবিধা গণেশোৎসৱৰ আৰম্ভণিৰ পৰাই আৰম্ভ হৈছিল৷

  • Share this:
টিভিৰ ৰিম’ট (TV Remote)ক লৈ কাজিয়া কৰাটো ঘৰৰ সদস্যসকলৰ মাজত সাধাৰণ কথা - সকলোৱে নিজৰ নিজৰ প্ৰিয় চেনেলবোৰ চাব বিচাৰে। আকৌ শাহু-বোৱাৰীৰ (Mother In Law-Daughter in Law Fights) মাজত হোৱা কাজিয়াও আমাৰ সমাজত নতুন কথা নহয় - প্ৰতিঘৰতে দেখা যায়। যদিও এইবোৰ ইমান গুৰুতৰ নহয় যে থানালৈ গৈ গোচৰ ৰুজু কৰিব লাগিব। কিন্তু শেহতীয়াকৈ এনে এক ঘটনা সংঘটিত হৈছে অম্বৰনাথ অঞ্চলত। ৰিম’টক লৈ শাহুৱেক আৰু বোৱাৰীৰ মাজত হোৱা কাজিয়া ইমানেই বেছি হ'ল যে থানাত গোচৰ ৰুজু হ’ল৷ কাৰণটো হৈছে কাজিয়াৰ সময়ত বোৱাৰীয়েকে শাহুৱেকৰ হাততে কামুৰি দিছিল।

অম্বেৰনাথৰ গংগাগিৰি এপাৰ্টমেণ্টত স্বামী আৰু শাহুৱেকৰ সৈতে থাকে বিজয়া কুলকৰ্ণী নামৰ ৩২ বছৰীয়া মহিলাগৰাকী। শেহতীয়াকৈ বিজয়াৰ শাহুৱেক ৬০ বছৰীয়া ব্রিছালী কুলকর্ণীয়ে বোৱাৰীৰ বিৰুদ্ধে গোচৰ তৰিছিল৷

ব্রিছালীয়ে তেওঁৰ অভিযোগত কয় যে টিভি চোৱাৰ বাবে বোৱাৰীক লৈ তেওঁৰ অসুবিধা গণেশোৎসৱৰ (Ganesh Utshav) আৰম্ভণিৰ পৰাই আৰম্ভ হৈছিল৷ ব্রিছালি দেৱীয়ে জনোৱা মতে, বোৱাৰী বিজয়াই পূজা আৰম্ভ কৰাৰ সময়ত টিভি অন আছিল৷ সোমবাৰে সন্ধিয়া বিজয়াই পূজা সম্পূৰ্ণ কৰি টিভিৰ সন্মুখত বহিল। ইয়াৰ পিছতে পূজা (Puja)ত বহিল শাহুৱেক ব্রিছালী দেৱী৷ টিভিৰ শব্দই তেওঁক আমনি কৰি থাকিল, সেয়ে তেওঁ গৈ বিজয়াৰ হাতৰ পৰা ৰিম’টটো লৈ টিভিটো বন্ধ কৰি দিলে।

ব্রিছালী দেৱীয়ে টিভিটো বন্ধ কৰাৰ সময়ত বোৱাৰীয়েকে আকৌ টিভিটো অন কৰিলে৷ এনেদৰে যেতিয়া বৃছালি দেৱীয়ে তৃতীয়বাৰৰ বাবে ৰিম’টটো ল’বলৈ আহিছিল, তেতিয়া বিজয়া দেৱীয়ে তেওঁৰ হাতত ধৰি আঙুলিত কামুৰি দিছিল। যেতিয়া বিজয়াৰ স্বামীয়ে হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছিল, তেতিয়া তেওঁৰ লগত তৰ্ক-বিতৰ্ক হৈছিল। অকথ্য ভাষাত শাহুৱেক আৰু স্বামীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছতে ব্রিছালী দেৱী থানাত উপস্থিত হৈ বোৱাৰীগৰাকীৰ বিৰুদ্ধে কামোৰা আৰু অত্যাচাৰৰ গোচৰ তৰিছিল৷ আৰক্ষীয়ে জনোৱা মতে, বোৱাৰীগৰাকীৰ বিৰুদ্ধে আই পি চিৰ ৩২৪ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

শেহতীয়া বাতৰি