হেৰী মাটাডিন নামৰ এজন ৩৪ বছৰীয়া ব্যক্তিয়ে নিজে "প্ৰস্ৰাৱ চিকিৎসা" চলাই আছে আৰু প্ৰতিদিনে ২০০ মিলি প্ৰস্ৰাৱ পান কৰি আছে।
হেৰী মাটাডিন নামৰ এজন ৩৪ বছৰীয়া ব্যক্তিয়ে নিজে "প্ৰস্ৰাৱ চিকিৎসা" চলাই আছে আৰু প্ৰতিদিনে ২০০ মিলি প্ৰস্ৰাৱ পান কৰি আছে।
সকলো স্বাস্থ্যকৰ পানীয়, ঔষধ আৰু চিকিৎসা প্ৰক্ৰিয়া বোৰ আঁতৰাই ৰাখি, ইংলেণ্ডত এজন নিৰামিষভোজীয়ে উন্নত স্বাস্থ্য বৰ্তাই ৰাখিবলৈ নিজৰ প্ৰস্ৰাৱ পান কৰি আছে! হেৰী মাটাডিন নামৰ এজন ৩৪ বছৰীয়া ব্যক্তিয়ে নিজে "প্ৰস্ৰাৱ চিকিৎসা" চলাই আছে আৰু প্ৰতিদিনে ২০০ মিলি প্ৰস্ৰাৱ পান কৰি আছে। নিউয়ৰ্ক পোষ্টে প্ৰকাশ কৰা অনুসৰি, হেৰীয়ে ২০১৬ চনত উদ্ভট চিকিৎসা আৰম্ভ কৰিছিল আৰু দাবী কৰিছিল যে, তেওঁৰ নিজৰ প্ৰস্ৰাৱ খোৱাৰ ফলত তেওঁৰ মানসিক স্বাস্থ্য উন্নত হৈছে আৰু লগতে তেওঁৰ চেহেৰা সতেজ আৰু আকৰ্ষণীয় দেখাইছে।
হেৰী হতাশা আৰু তীব্ৰ সামাজিক উদ্বেগত ভুগি আছিল, আৰু তেওঁ কৈছিল যে তেওঁৰ "মুক্ত মনৰ" দৃষ্টিভংগীয়ে তেওঁক প্ৰস্ৰাৱ সেৱন কৰাবলৈ প্ৰেৰিত কৰিছিল। হেৰীয়ে দাবী কৰে যে, তেওঁ নিজৰ চিকিৎসা আৰম্ভ কৰাৰ পিছতে তেওঁৰ হতাশা হ্ৰাস পাইছিল।
হেৰীয়ে কৈছে যে, প্ৰস্ৰাৱ থেৰাপীয়ে কেৱল মানসিক সুস্থতা বৃদ্ধি কৰাই নহয়, লগতে প্ৰস্ৰাৱ খোৱা আৰু মুখত প্ৰস্ৰাৱ ঘঁহি দিয়াৰ ফলত তেওঁক সৰু দেখাইছিল। "মোৰ ছাল সৰু, কোমল আৰু উজ্জ্বল হৈ পৰিছে," হেৰীয়ে ক'লে। হেৰীৰ মতে, প্ৰস্ৰাৱে ছাল কোমল কৰে আৰু যৌৱন বজাই ৰাখে। হেৰীয়ে ছালৰ যত্নৰ বাবে যিকোনো ছালৰ যত্নৰ সামগ্ৰীৰ আগত নিজৰ প্ৰস্ৰাৱক ৰাখে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|