Viral news of Smoking Side-effects: ভিডিওটো এনে ভয়ংকৰ যে সম্ভৱত ঘটনাৰ বিষয়তে জানিব পাৰিলে কোনেও ঘৰৰ ভিতৰত ধূমপান কৰিবলৈ সাহস কৰিব নোৱাৰিব। Viral news of Smoking Side-effects: ভিডিওটো এনে ভয়ংকৰ যে সম্ভৱত ঘটনাৰ বিষয়তে জানিব পাৰিলে কোনেও ঘৰৰ ভিতৰত ধূমপান কৰিবলৈ সাহস কৰিব নোৱাৰিব। ধূমপান স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক, এই কথা আমি সকলোৱেই জানো। আনকি চিগাৰেটৰ পেকেটতো লিখা থাকে এই সতৰ্কতা। চিগাৰেট সেৱন কৰিলে শৰীৰ কিদৰে ক্ষতিৰ সন্মুখীন হয়, সেয়া আমি বহুবাৰ আলোচনা কৰিছো। কিন্তু খুব কম মানুহেহে জানে, চিগাৰেট ধোৱাই সময়ত আমাৰ আশেপাশে থকা বস্তুসমূহতো সাংঘাটিক প্ৰভাৱ পেলায়।
সম্প্ৰতি ছচিয়েল মিডিয়াত এগৰাকী মহিলাই তেওঁৰ বন্ধুৰ সৈতে এনে ধৰণৰ এটা ভিডিও শ্বেয়াৰ কৰি দেখুৱাইছে যে, তেওঁৰ ঘৰৰ ভিতৰত চিগাৰেট খোৱাৰ ফলত কি মাৰাত্মক ক্ষতি হৈছে। সম্ভৱত ঘটনাৰ বিষয়তে জানিব পাৰিলে কোনেও ঘৰৰ ভিতৰত ধূমপান কৰিবলৈ সাহস কৰিব নোৱাৰিব।
Candice Leigh Clark নামৰ মহিলাগৰাকীয়ে তেওঁৰ টিকটিক একাউণ্টৰ জৰিয়তে চিগাৰেট খোৱাৰ কাৰণে তেওঁৰ ঘৰ ধ্বংস হোৱাৰ ফটো শ্বেয়াৰ কৰিছে। মহিলাগৰাকীয়ে তেওঁৰ পিতৃ-মাতৃৰ ঘৰৰ দেৱালৰ অৱস্থা নিজৰ বন্ধুৰ ওচৰত তুলি ধৰিছে। আচলতে, মহিলাগৰাকীৰ পিতৃ-মাতৃয়ে ঘৰৰ দৰ্জা বন্ধ কৰি প্ৰতিদিনে প্ৰায় দুই পেকেট খাইছিল। চিগাৰেটৰ ধোৱাই তেওঁলোকৰ শৰীৰৰ যিমান ক্ষতি কৰিলে সিমানেই সেই ধোৱাই ক'লা কৰি পেলালে তেওঁলোকৰ ভৰৰ দেৱাল।
গতিকে মহিলাগৰাকীয়ে সকলোকে চিগাৰেট খোৱাৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। চিগাৰেটৰ ধোৱাই এটা বন্ধ কোঠাৰ দেৱালেই ক'লা কৰি দিব পাৰিছে, গতিকে ই আমাৰ শৰীৰত কেনেধৰণৰ বিৰূপ প্ৰভাৱ পেলাইছে, সেই সন্দৰ্ভত এখন স্পষ্ট ছবি তুলি ধৰিবলৈ চেষ্টা কৰিছে মহিলাগৰাকীয়ে।
Published by: Himangshu Bhuyan
First published: January 22, 2022, 15:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|